/asomiyapratidin/media/media_files/2025/12/06/1-2025-12-06-11-01-24.jpg)
ডিজিটেল সংবাদ,তেজপুৰ: ২০২৬ ৰ অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই শোণিতপুৰ জিলাত বিজেপি নেতা কৰ্মীৰ মাজত আৰম্ভ হৈছে প্ৰাৰ্থীত্ব কেন্দ্ৰীক যুঁজ। দলৰ কাৰণে সুদীৰ্ঘদিন ধৰি সেৱা আগবঢ়াই অহা প্ৰতি জন প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতাই সাংগঠনিক ভেটি শক্তিশালী কৰাৰ লগতে সৰ্বসাধাৰণ লোকৰ সমস্যা সমূহ যিকোনো প্ৰকাৰে সমাধান কৰি হ'লেও সকলোৰে আস্থা আৰু বিশ্বাসৰ পাত্ৰ হবৰ কাৰণেও আপ্ৰাণ চেষ্টা চলাইছে।
উল্লেখ্য যে, শোণিতপুৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত চাৰিটা বিজেপি আৰু এটা অগপৰ দখলত আছে। ইয়াৰ ভিতৰত নদুৱাৰ আৰু ঢেকিয়াজুলি সমষ্টিৰ বাদে তেজপুৰ, বৰছলা আৰু ৰঙাপৰা সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব বিচাৰি দলৰ একাধিক নেতাই ভীৰ কৰা পৰিলক্ষিত হৈছে।
২০২১ ৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰাৰ্থীত্ব প্ৰত্যাশী বিজেপি নেতাৰ মাজত সৃষ্টি হোৱা ব্যাপক মতানৈক্যৰ বাবেই তেজপুৰ আসনখন অগপৰ হাতলৈ গৈছিল । কিন্ত এইবাৰ বিজেপি নেতাকৰ্মীসকলে কোনো কাৰণতে তেজপুৰ আসনখন অগপক এৰি নিদিয়াৰ হুংকাৰ দিছে।
২০ ২৬ ৰ বাবে শোণিতপুৰ জিলা বিজেপিৰ সভাপতি তথা যুৱনেত্ৰী,বিভিন্ন ক্ৰীড়া সংগঠনৰে জড়িত থকা ৱাৰ্ড কমিছনাৰ মধুস্মিতা হাজৰিকা ডেকা, জ্যেষ্ঠ নেতা প্ৰাক্তন সাংসদ পল্লৱলোচন দাস ,ঋতুবৰণ শৰ্মা ,অভিজিত কলিতা,দিপক শইকীয়া, জিতেন বৰঠাকুৰ, বিৰাজ নাথ, কমল কলিতা,স্বপ্না বনিয়া, মৰমী শইকীয়াৰ প্ৰাৰ্থীত্বৰ বাবে দলৰ নেতাকৰ্মী তথা সমৰ্থক সকলে সজোৰে দাবী উত্থাপন কৰিছে।
আনহাতে আগন্তুক নিৰ্বাচনত দলে জনপ্ৰিয় যুৱক তথা মহিলা প্ৰাৰ্থীক অধিক গুৰুত্ব দিব বুলি ইতিমধ্যেই দলে ঘোষণা কৰিছে। সেই মতে তেজপুৰৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতা সকলৰ মাজত যুৱনেত্ৰী জিলা বিজেপিৰ সভাপতি মধুস্মিতা হাজৰিকা ডেকাৰ নাম দলৰ ৰাজ্যিক মজিয়াত বিশেষভাৱে চৰ্চা লাভ কৰিছে।
ইফালে ২০২৬ ৰ নিৰ্বাচনত কোন নেতাই প্ৰাৰ্থীত্ব লাভ কৰিব আৰু কাৰ জনপ্ৰিয়তা কেনে তাক লৈ অলপতে সমগ্ৰ ৰাজ্যজুৰি সমষ্টিয়ে সমষ্টিয়ে ৰাজ্যিক আৰু কেন্দ্ৰীয় পৰ্যায়ত জৰীপ হৈ যোৱা বুলি বিজেপিৰ এক ভিতৰুৱা সূত্ৰে জানিব পৰা গৈছে। এইক্ষেত্ৰত তেজপুৰত বিজেপিৰ প্ৰাৰ্থীত্ব লাভৰ ক্ষেত্ৰত মধুস্মিতা হাজৰিকা ডেকা বিশেষভাৱে আগবাঢ়ি আছে যদিও এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহ দিপক শইকীয়াৰ নাম চৰ্চাত আছে।
আনহাতে বিগত বিশ ২২ বছৰ ধৰি দলৰ কাৰণে কাম কৰি অহা তেজপুৰৰ জনপ্ৰিয় বিজেপি নেতাই এইবাৰ দলৰ প্ৰাৰ্থীত্ব নাপালে নিৰ্দলীয় হিচাপে হলেও প্ৰতিদ্বন্দিতা আগবঢ়াব বুলি হুংকাৰ দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us