/asomiyapratidin/media/media_files/2026/01/18/tezpurbihuuuu-2026-01-18-18-31-55.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ অসমৰ কৃষ্টি-সংস্কৃতিৰ তথা বিহুৰ সৈতে অসমীয়া খিলঞ্জীয়া তথা মুছলমান সমাজৰ আছে এক দীৰ্ঘদিনীয়া সম্প্ৰতি৷ বিশেষভাৱে অসমৰ কোচ ৰাজবংশী লোকসকলৰ মাজৰ পৰা ধৰ্মান্তৰিত হৈ ইছলাম ধৰ্ম গ্ৰহণ কৰা দেশী জনগোষ্ঠী খিলঞ্জীয়া মুছলমান সমাজ তথা গৰিয়া-মৰিয়া সমাজে প্ৰতি বছৰে পুহ আৰু মাঘ মাহৰ দোমাহীৰ পৰা অসমীয়াই বিহু পালন কৰাৰ দৰে পালন কৰি আহিছে “পুছনা” উৎসৱ৷
আজি তেজপুৰৰ বাটমাৰীত খিলঞ্জীয়া অসমীয়া মুছলমান সমাজে পালন কৰে এই উৎসৱ৷ অসমীয়া সমাজে যিদৰে ভোগালীৰ আনন্দ ফূৰ্তি কৰি সকলোৱে উৰুকাৰ নিশা একেলগে এসাজ খাই, সেইদৰে এইসকল খিলঞ্জীয়া মুছলমানেও গীত নৃত্য আনন্দ কৰি সকলোৱে এসাজ খায়৷ নাই ধনী-দুখীয়াৰ ভেদাভেদ৷
শংকৰ-আজানৰ বাণীৰে এইসকলে জীয়াই ৰাখিছে আজিও হিন্দু আৰু মুছলমান সমাজৰ মাজত থকা সম্প্ৰীতি৷ এয়াই হয় শংকৰদেৱে বিচৰা বৰঅসমৰ আদৰ্শ৷ আজি কেবাশতাধিক পুৰুষ মহিলা সমবেত হ‘ল তেজপুৰৰ এই “পুছনা” উৎসৱত৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us