/asomiyapratidin/media/media_files/2025/08/28/cccccc-2025-08-28-20-43-19.jpg)
ডিজিটেল সংবাদ, তেজপুৰঃ উৰণীয়া সেতু নিৰ্মাণ কোম্পানী, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ, লোকনিৰ্মাণ বিভাগ তথা জিলা প্ৰশাসনৰ চূড়ান্ত গাফিলতিৰ বাবে তেজপুৰৰ মিছন চাৰিআলিত উৰণ সেতুৰ নিৰ্মাণকাৰ্যক কেন্দ্ৰ কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত যাতায়ত দূৰ্বিসহ হৈ পৰাৰ লগতে যাত্ৰীৰ বাবে বিপদসংকুল হৈ পৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/28/whatsapp-image-2025-08-28-20-43-43.jpeg)
যাৰবাবে তেজপুৰ মিছন চাৰিআলিৰ পৰা বালিপৰাহৈ জামুগুৰিহাট সংযোগী ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পুনৰ নিৰ্মাণ কৰাৰ দাবীত বৃহস্পতিবাৰে সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা, অসম সেনা শোণিতপুৰ জিলা সমিতি আৰু শোণিতপুৰ জিলা উন্নতি সভাৰ শতাধিক প্ৰতিবাদকাৰীয়ে মিচন চাৰিআলিত বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰায় এক ঘন্টা সময়ৰ কাৰণে ঘাইপথ অবৰোধ কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/28/whatsapp-ima-2025-08-28-20-44-03.jpeg)
লগতে উক্ত পথটি পুনৰ নিৰ্মাণ নকৰিলে চৰকাৰৰ জংগী আন্দোলন কৰিব বুলি আছু, অসম সেনা আৰু অসম উন্নতি সভাৰ বিষয়ববীয়া সকলে হুংকাৰ প্ৰদান কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us