/asomiyapratidin/media/media_files/2025/08/24/sdsdsdsds-2025-08-24-08-21-48.jpg)
ডিজিটেল সংবাদ,তেজপুৰঃ ৰাজ্যৰ স্বাস্থ্য বিভাগ আৰু বেচৰকাৰী সংগঠনসমূহে বাটৰ নাট, সজাগতা শিবিৰ আদি কাৰ্যসূচী আয়োজন কৰি এইছ আই ভি সম্বন্ধে সজাগতা বৃদ্ধিৰ কৰিবলৈ চেষ্টা চলাই থাকিলেও, শোণিতপুৰত এই ভাইৰাছৰ সংক্রমণ উদ্বেগজনকভাৱে বৃদ্ধি পোৱাৰ তথ্য পোহৰলৈ আহিছে।
প্ৰাপ্ত তথ্য অনুসৰি, চলিত বছৰৰ এপ্ৰিলৰ পৰা জুলাই মাহলৈকে শোণিতপুৰ জিলাত ২২৪ গৰাকী ব্যক্তি নতুনকৈ এইছ আই ভিত আক্ৰান্ত হৈছে। জিলাখনত বৰ্তমানে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়, পৰুৱাৰ মাতৃ-শিশু চিকিৎসালয়, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক চিকিৎসালয় আৰু তেজপুৰ চিকিৎসা মহাবিদ্যালয়সহ মুঠ চাৰিটা ICTC কেন্দ্ৰ আছে।
স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, এই সময়ছোৱাত চাৰি খন কেন্দ্ৰত ১০,৭০০ জনক পৰীক্ষা কৰাৰ ফলত ২২৪ গৰাকী আক্ৰান্ত পোৱা গৈছে। আক্ৰান্ত ব্যক্তিসকলৰ মাজত গৰিষ্ঠসংখ্যা ১৮ ৰ পৰা ২৭ বছৰৰ যুৱপ্ৰজন্ম, লগতে ৫ গৰাকী গৰ্ভৱতী মহিলাৰো নাম অন্তৰ্ভুক্ত। বিভাগীয় সূত্ৰে জনোৱা অনুসৰি, নিষিদ্ধ ড্ৰাগছ একেটা চিৰিঞ্জৰে সেৱন কৰা যুৱকৰ মাজত এই ভাইৰাছ তীব্ৰভাৱে বিস্তাৰ লাভ কৰিছে। বিশেষকৈ শোণিতপুৰৰ পৰা অৰুণাচল প্ৰদেশ, মণিপুৰ, নগালেণ্ড আদিৰে যাতায়ত কৰা যুৱকৰ মাজত আক্ৰান্ত হোৱাৰ ঘটনা বেছি।
উল্লেখযোগ্য যে, আক্ৰান্ত ২২৪ জনৰ ভিতৰত পঞ্চাশজনৰো অধিক নগাঁও জিলাৰ, যিসকল তেজপুৰৰ মানসিক চিকিৎসালয়ত চিকিৎসাৰ বাবে আহি পৰীক্ষাৰ সময়ত ধৰা পৰিছে। আনহাতে, ড্ৰাগছৰ এই ভয়ংকৰ প্ৰবণতা নিয়ন্ত্ৰণ কৰিবলৈ শোণিতপুৰ আৰক্ষীয়ে ধাৰাবাহিক অভিযান চলাই বহু নিষিদ্ধ ড্ৰাগছ আৰু কন্টেইনাৰ জব্দ কৰাৰ লগতে জড়িত বহুজনক গ্ৰেপ্তাৰ কৰিছে। তথাপিও তেজপুৰৰ বিভিন্ন অঞ্চলত ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত থাকিব পৰা লৈ স্থানীয় ৰাইজৰ মাজত আতঙ্ক বৃদ্ধি পাইছে।
স্বাস্থ্য বিভাগে ইতিমধ্যেই ঢেকিয়াজুলিত কেন্দ্ৰীয় পৰ্যায়ত স্ক্ৰীণিং টেষ্ট কেন্দ্ৰ স্থাপন কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে। স্থানীয় ৰাইজৰ মতে, ড্ৰাগছৰ কবলত পৰা যুৱকৰ বাবে বহু পৰিয়াল অৰ্থনৈতিকভাৱে ক্ষতিগ্ৰস্ত হৈছে। ইতিমধ্যে বহু যুৱক পৰিয়ালৰ তৎপৰতাত নিচামুক্তি কেন্দ্ৰত আছে।