তেজপুৰত 'মহাপুৰুষ দেৱদামোদৰ-ভট্টদেৱক গীতে-মাতে স্মৰণ' শীৰ্ষক কৰ্মশালা সমাপন

৩১ আগষ্টত তেজপুৰত দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ দেৱদামোদৰ-ভট্টদেৱক গীতে মাতে স্মৰণ শীৰ্ষক এখনি কৰ্মশালা সমাপন হৈ যায়।

author-image
Asomiya Pratidin
New Update
jhgdtt

ডিজিটেল সংবাদ,তেজপুৰঃ মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু তেজপুৰ উত্তৰ আঞ্চলিক যুৱ শিশু বিকাশ কেন্দ্ৰৰ সহযোগত ৩১ আগষ্টত তেজপুৰত দিনযোৰা কাৰ্যসূচীৰে মহাপুৰুষ দেৱদামোদৰ-ভট্টদেৱক গীতে মাতে স্মৰণ শীৰ্ষক এখনি কৰ্মশালা সমাপন হৈ যায়। কৰ্মশালাখন উদ্বোধন কৰি মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ শোণিতপুৰ জিলা সমিতিৰ মাৰ্গদৰ্শক তথা বিশিষ্ট সাহিত্যিক ড° সতীশচন্দ্ৰ ভট্টাচাৰ্যই মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ আৰু ভট্টদেৱৰ কৰ্মৰাজীৰ বিষয়ে অতি সৰল ভাষাত প্ৰশিক্ষাৰ্থী সকল উপকৃত হব পৰাকৈ বক্তব্য ৰাখে।

অনুষ্ঠানটিৰ আৰম্ভণিতে সংঘৰ শোণিতপুৰ জিলা সমিতিৰ মাৰ্গদৰ্শক বঙ্কিম শৰ্মাই গুৰু দুজনাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে। তেখেতক সহযোগ কৰে মাৰ্গদৰ্শক প্ৰভাত গোস্বামী আৰু জিলা সংঘাধিকাৰ অৰণ কুমাৰ শৰ্মাই। বিয়লি তেজপুৰ দাধৰা বামুনচুবুৰী তেজপুৰ উত্তৰ আঞ্চলিক যুৱ শিশু বিকাশ কেন্দ্ৰৰ চৌহদত অনুষ্ঠিত অনুষ্ঠানত আদিধাম পাটবাউসী সত্ৰৰ সাধাৰণ সম্পাদক তথা মহাপুৰুষ শ্ৰীমৎ দেৱদামোদৰ সংঘৰ কেন্দ্ৰীয় সহঃ সংঘাধিকৰ্তা বিপুল গোস্বামী উপস্থিত হৈ গুৰু দুজনাৰ গীত সমুহ এনেদৰে জিলা খনৰ সকলো অঞ্চলত একোখনকৈ কৰ্মশালাৰ আয়োজন জৰিয়তে প্ৰচাৰ কৰাত গুৰুত্ব প্ৰদান কৰে। গুৰু দুজনাৰ গীতৰ সংকলন সকলোকে্ বিনামূলীয়াকৈ প্ৰদান কৰাৰ ক্ষেত্ৰটো প্ৰদক্ষেপ গ্ৰহণৰ কথা তেওঁ অৱগত কৰে। 

WhatsApp Image 2025-09-01 at 5.12.16 PM

কৰ্মশালা খনত তেজপুৰৰ বিশিষ্ট নাগৰিক তথা সংঘৰ সদস্য ক্ৰমে নবীন চন্দ্ৰ লহকৰ, মহৎ লহকৰ, ভূপেন বৰদলৈ, নিৰুপমা শইকীয়া, ৰমেন শৰ্মা,অচ্যুত শৰ্মা, নৱকৃষ্ণ গোস্বামী, মিনতি শৰ্মা, ৰমনী মোহন ভৰালী, ভূপেন শৰ্মাকে আদি কৰি বহু সংখ্যক লোক উপস্থিত থাকে। অনাতাঁৰ শিল্পী লক্ষহীৰা দাসে প্ৰশিক্ষণ দিয়া কৰ্মশালাখনত স্থানীয় অৰ্ধশতাধিক শিশু, যুৱক, আই- মাতৃয়ে অংগ্ৰহণ কৰা দেখা যায়। এদিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মশালাত ভাগ লোৱা প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীকে একোখনকৈ অংশগ্ৰহণৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

তেজপুৰ