/asomiyapratidin/media/media_files/2025/09/04/whatsapp-image-2025-09-04-21-09-55.jpeg)
ডিজিটেল সংবাদ,তেজপুৰঃ মুখ্যমন্ত্ৰী ড° হিমন্তবিশ্ব শৰ্মাৰ মহানুভৱতা। তেজপুৰ ঘগৰাৰ এজন দিব্যাংগ যুৱকৰ এখন কৃত্ৰিম ভৰি লগোৱাৰ বাবে যাৱতীয় সকলো দায়িত্ব গ্ৰহণ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
উল্লেখযোগ্য যে, উদ্যমীতা আঁচনিৰ অধীনত দহ হেজাৰ টকাৰ চেক বিতৰণকে ধৰি তেজপুৰৰ দুৰুং আৰু চিঙৰিজান চাহ বাগিছাত আয়োজিত দুটা পৃথক পৃথক কায্যসূচীত অংশ লৈ হেলিকপ্টাৰত উঠিবলৈ উভতি অহাৰ সময়তে এজন আদিবাসী যুৱকে নিজৰ ভৰিখনৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰি সহায় বিচাৰে।
এইক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ মহানুভৱতাৰ পৰিচয় দি লগে লগেই যুৱক জনৰ এখন কৃত্ৰিম ভৰি লগোৱাৰ দায়িত্ব লোৱাৰ উপৰি কিডনিত হোৱা পাথৰৰ চিকিৎসাৰো যাৱতীয় খা-খৰছৰ বাবে ২৫ হাজাৰ টকাৰ সাহায্য তৎকালীন ভাৱে প্ৰদান কৰে। এই সহায়ৰ বাবে যুৱকজনে মুখ্যমন্ত্ৰীগৰাকীক হাতযোৰ কৰি আন্তৰিকতাৰে অশেষ ধন্যবাদ জনায়।