নদুৱাৰৰ চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা

শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত তিনি মাইলত সোমবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত জামুগুৰিহাটৰ এগৰাকী সৰবৰহী যুৱ সমাজকৰ্মী মৃদুল নাথে (৫৭)অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়।

author-image
Asomiya Pratidin
New Update
186

ডিজিটেল সংবাদ, জামুগুৰিহাট : শোণিতপুৰৰ নদুৱাৰ সমষ্টিৰ অন্তৰ্গত তিনি মাইলত সোমবাৰে নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত জামুগুৰিহাটৰ এগৰাকী সৰবৰহী যুৱ সমাজকৰ্মী মৃদুল নাথে (৫৭)অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হয়। তেজপুৰৰ পৰা জামুগুৰিহাটৰ নিজা ঘৰলৈ আহি থকা অৱস্থাত চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা এখন মালবাহী ট্ৰাকত খুন্দা মৰাৰ ফলত মৃদুল নাথ থিতাতে নিহত হয়।

নম্ৰ আৰু অমায়িক ব্যৱহাৰৰ বাবে সকলোৰে মাজত প্ৰিয়ভাজন হোৱা যুৱ সমাজকৰ্মীগৰাকীৰ এই আকস্মিক বিয়োগত সমগ্ৰ জামুগুৰিহাটতে শোকৰ ছাঁ পৰিছে ৷ মঙলবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত তেজপুৰৰ পৰা লোকজনৰ মৃতদেহ আহি পোৱাৰ মাত্ৰকে লোকে লোকাৰণ্য হৈ পৰে বাসভৱন।

নিজ বসভৱনৰ চৌহদত আয়োজিত এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জামুগুৰিহাটৰ কুৰিৰো অধিক অনুষ্ঠান - প্ৰতিষ্ঠানৰ বিষয়ববীয়া তথা সদস্যসকলে সৰবৰহী যুৱ সমাজকৰ্মীগৰাকীৰ নশ্বৰ দেহত অন্তিম শ্ৰদ্ধা জ্ঞাপন কৰে ৷

জামুগুৰিহাট নদুৱাৰ সমষ্টি