নিশা জু-ৰোডত ভয়ংকৰ পথ দুৰ্ঘটনা

সোমবাৰে নিশা জু-ৰোডত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা প্ৰায় ১০-২০ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা। জানিব পৰা মতে জু- ৰোডৰ ওচৰতে থকা এটি পেট্ৰ’ল পাম্পৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়।

author-image
Asomiya Pratidin
New Update
512
  • সোমবাৰে নিশা জু-ৰোডত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা।
  • নিশা প্ৰায় ১০-২০ বজাত সংঘটিত হয় এই পথ দুৰ্ঘটনা।
  • জানিব পৰা মতে জু- ৰোডৰ ওচৰতে থকা এটি পেট্ৰ’ল পাম্পৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়।
  • হিমালয়ান আৰু কে টি এম বাহনৰ লগতে এখন চাৰিচকীয়া বাহন দুৰ্ঘটনাত পতিত হয়।
  • দুৰ্ঘটনাত পতিত চাৰিচকীয়া বাহনখনৰ নম্বৰ হৈছে- এ এছ ০১- ডি এম- ৯৫৯৪।
  • দুৰ্ঘটনাত দুচকীয়া বাহনৰ আৰোহী আঘাতপ্ৰাপ্ত হোৱাৰ খবৰ পোৱা গৈছে।
  • ইতিমধ্যে ৰিক’ভেৰী বাহন ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত বাহনকেইখন নিয়াৰ ব্যৱস্থা কৰিছে।
  • অৱশ্যে ঘটনাৰ সবিশেষ এতিলৈকে জানিব পৰা হোৱা নাই।
  • ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী।
গুৱাহাটী