কোকৰাঝাৰত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলা নিহত

কোকৰাঝাৰ পাখ্ৰিগুৰীত মঙলবাৰে বিয়লি প্ৰায় ৩-০০ বজাত সংঘটিত এক ভয়াৱহ মটৰচাইকেল দুৰ্ঘটনাৰ ফলত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয়

author-image
Asomiya Pratidin
New Update
BREAKING NEWS

ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ পাখ্ৰিগুৰীত মঙলবাৰে বিয়লি প্ৰায় ৩-০০ বজাত সংঘটিত এক ভয়াৱহ মটৰচাইকেল দুৰ্ঘটনাৰ ফলত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এগৰাকী যুৱক গুৰুতৰভাৱে আহত হয়। নিহত মহিলাগৰাকীক কোকৰাঝাৰ জিলাৰ ভালুকঝোৰা ৰয়নাডাব্ৰী নিৱাসী সানস্ৰাং বসুমতাৰীৰ সহধৰ্মিনী ফামি বসুমতাৰী(২৩) বুলি জানিব পৰা গৈছে।

আনহাতে আহত যুৱকজন বালাজান তিনালী নিৱাসী নীলম নাথৰ জ্যেষ্ঠ পুত্ৰ ৰাজুৰাম নাথ ওৰফে পোহৰ(৩২) বুলি জানিব পৰা গৈছে। প্ৰাপ্ত খবৰ অনুসৰি ৰাজুৰাম নাথ ওৰফে পোহৰে কোকৰাঝাৰ দিশৰ পৰা তীব্ৰবেগেৰে নিজৰ গ্লেমাৰ মটৰ চাইকেলেৰে (এএচ ১৬ এইচ ৫৪৩৩) ঘৰ অভিমুখে আহি থাকোতে পাখ্ৰীগুৰীত দুৰ্ঘটনাতপতিত হয়।

বালাজান উপ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অৰ্জুন দাসে প্ৰত্যক্ষদৰ্শীৰ উদ্ধৃতি দি সদৰী কৰা মতে ফামি বসুমতাৰীয়ে পাখ্ৰিগুৰীত জে ডি ৰোড পাৰ হ'বলৈ ধৰোতেই মটৰচাইকেলখনে খুন্দা মাৰে । দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হোৱা দুয়োজনকে কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও ফামি বসুমতাৰীক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।

উল্লেখযোগ্য যে, ফামি বসুমতাৰীয়ে মূৰত পোৱা প্ৰচণ্ড আঘাত আৰু অত্যাধিক ৰক্তক্ষৰণৰ ফলতে মৃত্যুক আঁকোৱালি লয় বুলি সন্দেহ কৰা হৈছে। আনহাতে  ৰাজুৰাম নাথে দেহৰ বিভিন্ন অংশত আঘাতপ্ৰাপ্ত হৈ বৰ্তমান সংকটজনক অৱস্থাত কোকৰাঝাৰ মেডিকেল কলেজ আৰু হাস্পতালত চিকিৎসাধীন হৈ আছে।

উল্লেখ্য যে ফামি বসুমতাৰীয়ে মৃত্যুৰ পূৰ্বে স্বামী আৰু তিনিবছৰীয়া সন্তান ইহজগতত এৰি থৈ যায়। প্ৰণিধানযোগ্য যে বিটিচিৰ মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰীৰ বাসভৱনলৈ যোৱা উক্ত পথত গতিৰোধক নথকাৰ বাবে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে ।

কোকৰাঝাৰ আৰক্ষী কোকৰাঝাৰ