বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা

নিশা বিশ্বনাথৰ পাভৈ পথ সংযোগী চাৰিলেণ্ডযুক্ত পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুটি আৰু পাঞ্জাৱবডী ট্ৰাকৰ মাজত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন স্কুটি আৰোহী।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS

ডিজিটেল সংবাদ, বিশ্বনাথ : নিশা বিশ্বনাথৰ পাভৈ পথ সংযোগী চাৰিলেণ্ডযুক্ত পথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। স্কুটি আৰু পাঞ্জাৱবডী ট্ৰাকৰ মাজত সংঘটিত হোৱা এই পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন স্কুটি আৰোহী।

আন এজনক সংকটজনক অৱস্থাত বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে,ট্ৰাকখন তেজপুৰ দিশৰ পৰা লখিমপুৰ দিশে গৈ আছিল স্কুটি চালকসহ এজন আৰোহী।

বিশ্বনাথ নগৰৰ পৰা পাভৈ দিশৰ চাৰিশৰণীয়া পথ পাৰ হওঁতেই এই দুৰ্ঘটনা সংঘটিত হয়। বৰ্তমান সময়লৈকে দুৰ্ঘটনাত নিহত আৰু আহতৰ পৰিচয় লাভ কৰা  নাই।

স্কুটীখনৰ নম্বৰ হৈছে এ এছ 07 Q 4618 আৰু দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে NL 01AK2355 । আৰক্ষীয়ে ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা দুয়োখন বাহনে জব্দ কৰাৰ লগতে তদন্ত অব্যাহত ৰাখিছে।  

বিশ্বনাথ