বৰপেটাৰোডৰ বালাভিঠা মথাউৰিত ভয়ংকৰ পথ দুৰ্ঘটনা

বৰপেটাৰোডৰ বালাভিঠা মথাউৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় ই-ৰিক্সা চালক ফুলচান আলী । অচিনাকী বাহনৰ  খুন্দাত ১৯ বছৰীয়া ফুলচান আলীৰ মৃত্যু হয়

author-image
Asomiya Pratidin
New Update
dangor-khobr-19

ডিজিটেল সংবাদ, সৰভোগ : বৰপেটাৰোডৰ বালাভিঠা মথাউৰিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুৰ্ঘটনাত থিতাতে নিহত হয় ই-ৰিক্সা চালক ফুলচান আলী । অচিনাকী বাহনৰ  খুন্দাত ১৯ বছৰীয়া ফুলচান আলীৰ মৃত্যু হয়। অচিনাকী বাহন ঘটনাস্থলীৰ পৰা পলায়ন কৰে । 


উল্লেখযোগ্য যে, বৰপেটাৰাডৰ  ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাভিঠা মথাউৰিত চ'কত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ই- ৰিক্সা আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।  ইতিমধ্যে বৰপেটাৰোড আৰোক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰোক্ষী বিষয়াই ঘটনাৰ সংক্ৰান্তত উচিত তদন্ত অব্যাহত ৰাখে

বৰপেটাৰোড