/asomiyapratidin/media/media_files/2025/10/11/492-2025-10-11-23-33-48.jpg)
ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলাৰ বাসুগাঁও চহৰৰ সমীপৰ কচুদোলা গাঁৱত সংঘটিত হৈছে ভয়ংকৰ ঘটনা। দেশৰ প্ৰচলিত আইন ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই শনিবাৰে পুৱা ৯ বজাত সংঘটিত হোৱা নৃশংস হত্যাকাণ্ডৰ ঘটনা আৰক্ষীৰ পৰা লুকুৱাই ৰাখি নিশালৈকে গাঁৱলীয়া বিচাৰ সভা অনুষ্ঠিত কৰি সাধাৰণ মৃত্যুৰ ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ কথা পোহৰলৈ আহিছে ।
উল্লেখযোগ্য যে, সামান্য ঘৰুৱা কাজিয়াক কেন্দ্ৰ কৰি নাতিয়েক আৰু নাতিনীয়েকে ঘুচিয়াই মৰিয়াই নৃশংসভাৱে হত্যা কৰে বৃদ্ধা আইতাক। মৃত বৃদ্ধা মহিলাগৰাকী নাম ৰেজিয়া বেওৱা (৮০) । হত্যাকাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে নাতিয়েক ফয়জাল হক (২৫) ,নাতিনীয়েক মৰিয়ম আৰু মমতাজৰ বিৰুদ্ধে ।
হত্যাকাণ্ড সংঘটিত কৰাৰ পিছত সমগ্ৰ ঘটনাটো ভয় ভাবুকিৰে গাপ দিয়াৰ চেষ্টা হত্যাকাৰী পৰিয়ালটোৰ । তাতকৈ গুৰুত্বপূৰ্ণ বিষয় যে বৃদ্ধাৰ মহিলা গৰাকীৰ নৃশংস হত্যাকাণ্ডক এটা সাধাৰণ মৃত্যুৰ ৰূপ দিয়াৰ অপচেষ্টাত নামি পৰে চৰকাৰী গাঁওবুঢ়াৰ লগতে ওচৰ চুবুৰীয়া ।
হত্যাকাণ্ডৰ দৰে এক গুৰুতৰ অপৰাধক প্ৰায় ১২ ঘণ্টা ধৰি লুকুৱাই ৰাখি হত্যাকাৰী পৰিয়ালটোক ৰক্ষণাবেক্ষণ দিয়াৰ ষড়যন্ত্ৰত নামি পৰে কচুদোলা গাঁৱৰ চৰকাৰী, গাঁওবুঢ়া ছাত্তাৰ আলী মিঞাৰ লগতে কচুদোলা গাঁৱৰ মাতব্বৰসকল। আজি নিশাৰ সংবাদ মাধ্যমৰ লোকে হত্যাকাণ্ডৰ খবৰ লাভ আৰক্ষীৰ লোকক অৱগত কৰাৰ পিছত বাসুগাঁও থানাৰ আৰক্ষীয়ে কচুদোলা গাঁৱত উপস্থিত হৈ প্ৰাথমিক তদন্ত আৰম্ভ কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএছবি অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰে ।
আৰক্ষীৰ লগত সাংবাদিক দল কচুদোলা গাঁৱত উপস্থিত হোৱাত কেমেৰাত ধৰা পৰে অভিযুক্তসকলক ৰক্ষণাবেক্ষণ দিবলৈ অনুষ্ঠিত কৰা ৰাজহুৱা সভা । সাংবাদিকৰ কেমেৰা দেখি পলায়ন কৰে সভাত বহি থকা দেওৱানী মাতব্বৰ সকলৰ লগতে অভিযুক্ত তিনিজন ।
ইপিনে মাতৃৰ মৃতদেহ পুৱাৰ পৰা মজিয়াত ৰাখি দিনটো বহি থাকিব লগাত পৰে কন্যাসকল। সাংবাদিকৰ আগত উল্লেখ কৰে হত্যাকাণ্ড সংঘটিত কৰা হত্যাকাৰী সকলৰ নাম। অভিযোগ কৰে গাঁৱৰ ৰাইজে কিদৰে ভয় ভাবুকি প্ৰদান কৰি আৰক্ষীক জনাবলৈ বাধা প্ৰদান কৰিছে । সমগ্ৰ হত্যাকাণ্ডৰ ঘটনাক লৈ গাঁওৰক্ষী বাহিনীৰ ভুমিকা সন্দেহজনক !
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us