/asomiyapratidin/media/media_files/2025/08/27/188-2025-08-27-18-00-31.jpg)
ডিজিটেল সংবাদ, শিলচৰ : কাছাৰ জিলাৰ বৰখলাত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। হাতত দা লৈ যাকে য'তে পাইছে এফালৰ পৰা আক্ৰমণ কৰি গৈছে এজন পঞ্চাশোৰ্ধৰ ব্যক্তিয়ে।
জানিব পৰা মতে উক্ত ব্যক্তিজনৰ হাতত পাঁচজন লোক আক্ৰমণৰ বলি হৈছে। ইয়াৰে দুজনৰ অৱস্থা গুৰুতৰ। সংকটজনক অৱস্থাত তেওঁলোকক শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে। বাকী তিনিজন আহত লোকক বৰখলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হৈছে।
উল্লেখযোগ্য যে, এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুধবাৰে বৰখলাৰ নাৰায়ণছৰাত। নাৰায়ণছৰাৰ বাসিন্দা খোকন ৰিকিয়াছন নামৰ লোকজনে প্ৰথমে ঘৰৰ সন্মুখত কাম কৰি থকা প্ৰীতম বাউৰীৰ ওপৰত দাৰে আক্ৰমণ কৰে । প্ৰায় ৫৫ বছৰীয়া খোকন ৰিকিয়াছনে পিছফালৰ পৰা প্রীতম বাউৰীক দাৰে আক্ৰমণ কৰে। দাৰ আক্ৰমণত আহত হৈ প্ৰীতমে চিঞৰ বাখৰ কৰাত তেওৰ পিতৃ মোহন বাউৰীয়ে প্ৰীতমক বচোৱাৰ বাবে আগবাঢ়ি আহে।
তেওঁকো দাৰে আঘাত কৰে খোকন ৰিকিয়াছনে। এই দুয়ো জনক ৰক্ষা কৰিবলৈ অহা আন দুজন লোককো হাতত থকা দাৰে আক্ৰমণ কৰে খোকনে। খোকনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় দিলীপ চাহু আৰু মোহন বাউৰী।
তেওঁলোকৰ মূৰ, হাতসহ শৰীৰৰ বিভিন্ন অংশ দাৰ আঘাতত ৰক্তাক্ত হৈ পৰে। তেওঁলোকক প্ৰথমে বৰখলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও অৱস্থা গুৰুতৰ হোৱাত শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালয়লৈ প্ৰেৰণ কৰা হয়।
ইফালে, আহত হোৱা আন তিনিজন প্রীতম বাউৰী,ৰুমী ভূমিজ আৰু চুছেন ভূমিজক বৰখলা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়। আনহাতে আক্ৰমণকাৰী খোকনক ৰাইজে আটক কৰি বৰখলা আৰক্ষীক খবৰ দি গতাই দিয়ে।
বৰ্তমান বৰখলা থানাত ৰখা হৈছে খোকন ৰিকিয়াছনক। কি কাৰণত হঠাতে এফালৰ পৰা পাঁচজনকৈ লোকক চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে খোকনে সেয়া এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীৰ তদন্ততহে পোহৰৰ আহিব আক্ৰমণৰ কাহিনী।