গৌৰীপুৰত মৰাপাটৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড

গৌৰীপুৰৰ শশ্মান মন্দিৰৰ সমীপৰ ১২ নং ৱাৰ্ডত থকা সুভাষ চিৰণীয়া আৰু তেওঁৰ ভাতৃ চিৰঞ্জীৱ চিৰণীয়াৰ মৰাপাটৰ গুদামত নিশা প্ৰায় ৯ বজাত জুই লগাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত হুৱা-দুলা লাগে।

author-image
Asomiya Pratidin
New Update
BREAKING NEWS

ডিজিটেল সংবাদ, ধুবুৰী : ধুবুৰী জিলাৰ গৌৰীপুৰত মৰাপাটৰ গুদামত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে।গৌৰীপুৰৰ শশ্মান মন্দিৰৰ সমীপৰ ১২ নং ৱাৰ্ডত থকা সুভাষ চিৰণীয়া আৰু তেওঁৰ ভাতৃ চিৰঞ্জীৱ চিৰণীয়াৰ মৰাপাটৰ গুদামত নিশা প্ৰায় ৯ বজাত জুই লগাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত হুৱা-দুলা লাগে।

পিচত স্থানীয় ৰাইজে আৰক্ষীৰ লগতে অগ্নিনিৰ্বাপক বাহিনীক খবৰ কৰাত তৎক্ষণাত দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ জুই নুমোৱাত লাগি পৰে। উক্ত অগ্নিকাণ্ডৰ ফলত বহু টকাৰ সম্পত্তি ধ্বংস হোৱা বুলি জানিব পৰা গৈছে।

স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও গৌৰীপুৰৰ সেই একেখন মৰাপাটৰ গুডৱাউনত অগ্নিকাণ্ড সংঘটিত হৈছিল। অৱশ্যে এইবাৰ মৰাপাটৰ গুডৱাউন টোত  জুই কেনেদৰে লাগিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই।

গৌৰীপুৰ