লংকাৰ দুই ঠাইত ভয়ংকৰ অগ্নিকাণ্ড : হোটেল ভস্মীভূত

বৃহস্পতিবাৰে নিশা লংকাৰ ১ নং পিপল পুখুৰী মনীপুৰী বস্তিত সংঘটিত হয় অগ্নিকাণ্ড। সুজলবালা দাস নামৰ এগৰাকী মহিলাৰ ভাতৰ হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড। 

author-image
Asomiya Pratidin
New Update
467

ডিজিটেল সংবাদ, লংকা : বৃহস্পতিবাৰে নিশা লংকাৰ ১ নং পিপল পুখুৰী মনীপুৰী বস্তিত সংঘটিত হয় অগ্নিকাণ্ড। সুজলবালা দাস নামৰ এগৰাকী মহিলাৰ ভাতৰ হোটেলত সংঘটিত হয় এই অগ্নিকাণ্ড। 

অগ্নিকাণ্ডৰ ফলত জাহ যায় হোটেলৰ সকলো সামগ্ৰীসহ ঘৰটো। অগ্নিকাণ্ডৰ ফলত প্ৰায় ১২ লক্ষাধিক টকাৰ ক্ষতিসাধন হয় বুলি জানিব পৰা গৈছে।

একেদৰে লংকাত উক্ত নিশাই এখন চলন্ত ট্ৰাকত অগ্নিকাণ্ড সংঘটিত হয়। খাৰুপেটীয়াৰ পৰা শিলচৰলৈ অহা AS-02 AC -0615 নম্বৰৰ এখন পাচলিভৰ্তি ট্ৰাকত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। উল্লেখযোগ্য যে, লংকাৰ বাইপাছত সংঘটিত এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডৰ ফলত প্ৰায় ৪/৫ লক্ষাধিক টকাৰ শাক পাচলি অগ্নিত জাহ যায়। শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড হোৱা বুলি জানিবলৈ দিয়ে। প্ৰায় ১ ঘন্টাৰ পাছত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি অগ্নি নিৰ্বাপন কৰে।

লংকা অগ্নিকাণ্ড