ৰাণৱে'ৰ পৰা পিছলি দুৰ্ঘটনাগ্ৰস্ত বিমান

নেপাল আৰক্ষীয়ে এক্সৰ এটা পোষ্টত উল্লেখ কৰিছে যে- কাঠমাণ্ডুৰ পৰা ৫১ গৰাকী যাত্ৰী আৰু ৪ গৰাকী ক্ৰু মেম্বাৰক লৈ ঝাপা জিলাৰ ভদ্ৰপুৰ বিমানবন্দৰলৈ উৰা মৰা বুদ্ধ এয়াৰ বিমানখনে ভদ্ৰপুৰ বিমানবন্দৰত অৱতৰণৰ সময়ত এক দুৰ্ঘটনাৰ সন্মুখীন হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ নতুন বছৰৰ আৰম্ভণিতে নেপালত সংঘটিত অঘটন । নেপালৰ ভদ্ৰপুৰ বিমানবন্দৰত বুদ্ধ এয়াৰৰ ফ্লাইট ৯০১ দুৰ্ঘটনাগ্ৰস্ত। অৱতৰণৰ সময়তে ৰাণৱে'ৰ পৰা ২০০মিটাৰ দূৰলৈ পিছলি যায় বিমানখন। কাঠমাণ্ডুৰ পৰা ৫১জন যাত্ৰী আৰু ৪গৰাকী বিমানখনৰ কৰ্মচাৰী লৈ উৰা মাৰিছিল বিমানখনে। ইপিনে দুৰ্ঘটনাটোত যাত্ৰী সকলৰ লগতে বিমানখনৰ কৰ্মচাৰী সকলো বৰ্তমান সুৰক্ষিত বুলি জানিব পৰা গৈছে। 

WhatsApp Image 2026-01-03 at 10.51.15 PM

উল্লেখযোগ্য যে, নেপাল আৰক্ষীয়ে এক্সৰ এটা পোষ্টত উল্লেখ কৰিছে যে- কাঠমাণ্ডুৰ পৰা ৫১ গৰাকী যাত্ৰী আৰু ৪ গৰাকী ক্ৰু মেম্বাৰক লৈ ঝাপা জিলাৰ ভদ্ৰপুৰ বিমানবন্দৰলৈ উৰা মৰা বুদ্ধ এয়াৰ বিমানখনে ভদ্ৰপুৰ বিমানবন্দৰত অৱতৰণৰ সময়ত এক দুৰ্ঘটনাৰ সন্মুখীন হয়।নেপাল আৰক্ষী আৰু সংশ্লিষ্ট কৰ্তৃপক্ষই সকলো লোককে নিৰাপদে উদ্ধাৰ কৰিছে বুলি। 

WhatsApp Image 2026-01-03 at 10.52.03 PM

এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে- যোৱা কিছু বছৰত ধাৰাবাহিক বিমান দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছত নেপালত বিমান সুৰক্ষাৰ ওপৰত অব্যাহত থকা তদন্তৰ মাজতে এই ঘটনা সংঘটিত হৈছে । ২০২৪ চনৰ জুলাই মাহত কাঠমাণ্ডুৰ পৰা উৰণৰ পাছত শৌৰ্য এয়াৰলাইন্সৰ বোম্বাৰ্ডিয়াৰ চিআৰজে ২০০এলআৰ দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানত থকা ১৯ গৰাকী  যাত্ৰীৰ ভিতৰত ১৮ গৰাকীৰে মৃত্যু হৈছিল। 

WhatsApp Image 2026-01-03 at 10.51.05 PM

নেপাল