/asomiyapratidin/media/media_files/2025/11/08/162-2025-11-08-17-25-06.jpg)
প্ৰতিনিধিত্বমূলক ফটো
ডিজিটেল সংবাদ, শিৱসাগৰ : শিৱসাগৰৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান 'খোজ'ৰ উদ্যোগত আৰু শিৱসাগৰ জিলাবাসীৰ সহযোগত বিগত বছৰসমূহৰ দৰে এইবাৰো বৰ্ণাঢ্য কাৰ্যসূচীৰে দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ আয়োজনৰ ব্যাপক প্ৰস্তুতি চলোৱা হৈছে । শিৱসাগৰ চহৰৰ বৰ্ডিং খেলপথাৰৰ জুবিন গাৰ্গ সাহিত্য ক্ষেত্ৰত অহা ১ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ অনুষ্ঠিত হ'ব লগা দশম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ বাবে ইতিমধ্যে 'খোজ'ৰ সভাপতি ৰুহিনী গগৈক মুখ্য ব্যৱস্থাপক, আছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সমীৰণ ফুকনক সভাপতি, 'খোজ'ৰ প্ৰতিষ্ঠাপক সভাপতি লীলা গগৈ, জ্যেষ্ঠ সাংবাদিক ভৈৰৱ মুণ্ডাক কাৰ্যকৰী সভাপতি আৰু 'খোজ' সম্পাদক জয়জ্যোতি গগৈক মুখ্য সম্পাদক হিচাপে লৈ এখনি আয়োজক সমিতি গঠন কৰা হৈছে।
উল্লেখযোগ্য যে, শিৱসাগৰ গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি ২০১৬ চনৰ পৰা 'খোজ'ৰ তৰফৰ পৰা সমাজ জীৱনলৈ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা একোগৰাকী শিৱসাগৰীয়া সন্তানক 'ৰংপুৰ গৌৰৱ' বঁটা প্ৰদান কৰি অহা হৈছে। ২০২৫ বৰ্ষৰ বাবে 'ৰংপুৰ গৌৰৱ' বঁটা আগবঢ়োৱা হৈছে ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাই প্ৰণয়ন কৰি যোৱা 'হেমকোষ' অভিধান দেৱানন্দ বৰুৱাই সম্পাদনা কৰাৰ পিছত বৰ্ধিত সংস্কৰণ প্ৰকাশক কৰা সাদিন-প্ৰতিদিন গোষ্ঠীৰ অধ্যক্ষ তথা অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱালৈ।
উল্লেখ্য যে জয়ন্ত বৰুৱাই দৃষ্টিহীন লোকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি ‘হেমকোষ’ অভিধানৰ ব্ৰেইল সংস্কৰণ কৰি গীনিজ বুক অৱ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হৈছে ৷ দশম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ ১ ডিচেম্বৰৰ শুভ উদ্বোধনী অনুষ্ঠানতে জয়ন্ত বৰুৱালৈ 'ৰংপুৰ গৌৰৱ-২০২৫' বঁটা প্ৰদান কৰা হ'ব।
আনহাতে, দশম শিৱসাগৰ গ্ৰন্থ উৎসৱ, ২০২৫ ৰ শুভ উদ্বোধন কৰিব অসম আৰক্ষীৰ প্ৰাক্তন সঞ্চালক প্ৰধান, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° কুলধৰ শইকীয়াই। উদ্বোধনী অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচাৰ্যই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ বিপৰীতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা, অ'এন জি চি অসম সম্পদৰ কাৰ্যবাহী সঞ্চালক ভাস্কৰ চৌধুৰী নেট্টাম, এন আৰ এলৰ পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন, শিৱসাগৰৰ জিলাৰ আয়ুক্ত আয়ুস গৰ্গ, জ্যেষ্ঠ আৰক্ষী অধীক্ষক শুভাশীষ বৰুৱা আৰু জিলা শিক্ষা বিষয়া দেৱজ্যোতি গগৈয়ে।
১১ ডিচেম্বৰৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব শিৱসাগৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° মহাদেৱ পাটগিৰিয়ে। উক্ত দিনা বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰিব অসম চৰকাৰৰ মন্ত্ৰী যোগেন মহন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, কাজিৰঙাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, বিধায়ক অখিল গগৈ, সুশান্ত বৰগোঁহাই, ধৰ্মেশ্বৰ কোঁৱৰ আৰু টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ূৰ বৰগোঁহাইয়ে।
আনহাতে, দশম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি প্ৰতিদিনেই বিভিন্ন অনুষ্ঠান আৰু সাংস্কৃতিক কাৰ্যসূচীৰ লগতে কুইজ, জুবিন গাৰ্গ সঙ্গীত, বিজ্ঞান মডেল, ৰচনা, সৃষ্টিশীল নৃত্য, কবিতা আবৃত্তি, ছবি অঁকা, পত্ৰ লিখা, সাধু কোৱা, ঠাইতে লিখা কবিতা আদি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। উল্লেখযোগ্য যে, দশম শিৱসাগৰ গ্ৰন্থ উৎসৱত অসমৰ আগশাৰীৰ প্ৰকাশক আৰু গ্রন্থ বিক্রেতা প্ৰতিষ্ঠান বনলতা, ষ্টুডেন্টচ ষ্ট'ৰ, সতীৰ্থ, ৰেখা প্ৰকাশন, সঞ্জীৱন প্ৰকাশ, জে. এছ. পাব্লিকেশ্বন, জ্ঞানম, দৰ্শন বুক ষ্টল আদিৰ লগতে অসমৰ বাহিৰৰ উড পেকাৰ, দ্য ওৱান ৱৰ্ল্ড আদিকে ধৰি বহুকেইটা প্ৰতিষ্ঠানে অংশগ্ৰহণ নিশ্চিত কৰিছে বুলি জানিব পৰা গৈছে।
দশম শিৱসাগৰ গ্ৰন্থ উৎসৱৰ কেউদিনৰ কাৰ্যসূচীত ৰাইজৰ আন্তৰিক উপস্থিতি আৰু সহযোগিতা কামনা কৰিছে আয়োজক সমিতিৰ সভাপতি সমীৰণ ফুকন আৰু মুখ্য সম্পাদক জয়জ্যোতি গগৈয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us