/asomiyapratidin/media/media_files/2025/08/15/web-ap-assam-nl-2025-08-15-21-26-23.jpg)
ডিজিটেল সংবাদ, মেৰাপানীঃ স্বাধীনতা দিৱসৰ দিনটোতেই অসম নাগালেণ্ড সীমান্তৰ মেৰাপানীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। নাগালেণ্ডত বনভোজ খাবলৈ গৈ নগা দুৰ্বৃত্তৰ আক্ৰমণৰ বলি হৈছে তিনিজনকৈ অসমীয়া যুৱক। নাগালেণ্ডৰ সীমাৰেখাৰ ভিতৰত বনভোজ খোৱাৰ অপৰাধতে নগাই এয়াৰ গানেৰে গুলীবিদ্ধ কৰে এজন যুৱকক। ইফালে আন দুজন যুৱকক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে নগা দুৰ্বৃত্তৰ দলটোৱে।
উল্লেখযোগ্য যে, স্বাধীনতা দিৱসৰ দিনটোত বনভোজ খোৱাৰ উদ্দেশ্যে স্থানীয় কদমগুৰি অঞ্চলৰ পৰা সমীপৰে নাগালেণ্ডৰ ৰুণীবস্তিত বনভোজ খাবলৈ গৈছিল অসমীয়া যুৱক তিনিজন। বনভোজ খাই ঘৰলৈ ওভতিবলৈ লোৱাৰ সময়তে নগাৰ দল এটাই আগভেটি ধৰে যুৱককেইজনক। তাৰ পাছতেই কোনো কাৰণ নোহোৱাকৈ যুৱককেইজনক উপৰ্যুপৰি প্ৰহাৰ কৰিবলৈ ধৰে নগাৰ দলটোৱে।
নগাই চিমচাত বসুমতাৰী আৰু সুব্ৰত নায়ক নামৰ যুৱক দুজনক বেয়াকৈ মাৰধৰ কৰা দেখি প্ৰকাশ বড়ো নামৰ যুৱকজন পলাবলৈ লঁওতেই এয়াৰ গানেৰে গুলী কৰে নগাৰ দলটোৱে। ফলত প্ৰকাশ বড়ো গুলীবিদ্ধ হোৱাত যথেষ্ট ৰক্তক্ষৰণ হয়। পৰৱৰ্তীসময়ত কৌশলেৰে পলাই আহি যুৱক তিনিজন মেৰাপানী সমূহীয়া চিকিৎসালয়ত উপস্থিত হয়হি। প্ৰাথমিক চিকিৎসাৰ অন্তত উন্নত চিকিৎসাৰ বাবে যুৱককেইজনক গোলাঘাট সদৰ চিকিৎসালৈ প্ৰেৰণ কৰা হৈছে।