হামৰেণত উত্তেজনাঃ খাচীৰ চোকা অস্ত্ৰৰ ঘাপত প্ৰাণ গ'ল এজন কাৰ্বি লোকৰ...

হামৰেণ আৰক্ষী থানাৰ অন্তৰ্গত সীমান্তবৰ্তী তাপাত অঞ্চলত খাছীলোকে ৰোপন কৰা ধান কটাক কেন্দ্ৰ কৰি দুই ৰাজ্যৰ সীমান্তবাসীৰ মাজত ভয়ানক সংঘৰ্ষ হয় ৷

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-10-09 at 7.47.05 PM

ডিজিটেল সংবাদ,বৈঠালাংছুঃ পশ্চিম কাৰ্বি আংলং জিলাৰ অসম-মেঘালয় সীমান্তত আজি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় ৷ হামৰেণ আৰক্ষী থানাৰ অন্তৰ্গত সীমান্তবৰ্তী তাপাত অঞ্চলত খাচীলোকে ৰোপন কৰা ধান কটাক কেন্দ্ৰ কৰি দুই ৰাজ্যৰ সীমান্তবাসীৰ মাজত ভয়ানক সংঘৰ্ষ হয় ৷

খাচীয়াৰ ধান কটা কাৰ্যক বাধা প্ৰদান কৰে স্থানীয় কাৰ্বিলোকে। ফলত দুয়োপক্ষৰ মাজত সৃষ্টি হয় ভয়ানক সংঘৰ্ষৰ । খাচীৰ চোকা অস্ত্ৰ আৰু কেতেপাৰ আক্ৰমনত নিহত হয় অৰিয়েল তিমুং নামৰ এগৰাকী কাৰ্বি লোক আৰু গুৰুতৰভাবে আহত ষ্টেনৱেল তিমুং নামৰ আন এগৰাকী কাৰ্বি লোক ৷ 

ইতিমধ্যে গুৰুতৰভাৱে আহত ষ্টেনৱেলক উন্নত চিকিৎসাৰ বাবে হোজাই হাম হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে অৰিয়েলৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ৷ ঘটনাৰ সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম আৰক্ষীৰ কন্দুৱা গেছ নিক্ষেপ কৰে। সম্প্ৰতি পৰিস্থিতি নিয়ন্ত্ৰণত আছে যদিও অঞ্চলটোত এক চেপা উত্তেজনাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷

কাৰ্বি আংলং জিলা স্বায়ত্ব শাসিত পৰিষদ