ঠেঙালবাৰী জকাইচুকত নিৰ্যাতিতা কিশোৰীৰ আত্মহননকলৈ উত্তপ্ত পৰিস্থিতি

তিতাবৰ সমজিলাৰ ঠেঙালবাৰী জকাইচুকত দেওবাৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে যৌন নিৰ্যাতনৰ বলি হৈ আৰক্ষীৰ ন্যায় নোপোৱাত আত্মহনন কৰা ঘটনাই এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে

author-image
Asomiya Pratidin
New Update
498

ডিজিটেল সংবাদ, বেকাজান : তিতাবৰ সমজিলাৰ ঠেঙালবাৰী জকাইচুকত দেওবাৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীয়ে যৌন নিৰ্যাতনৰ বলি হৈ আৰক্ষীৰ ন্যায় নোপোৱাত আত্মহনন কৰা ঘটনাই এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। আৰক্ষীক গোচৰ দিয়া ১২ দিনৰ পিছতো অভিযুক্ত লম্পট বিজয় গণ্ডক গ্ৰেপ্তাৰ কৰি নিৰ্যাতিতা কিশোৰীক গৰাকীক ন্যায় দিব নোৱাৰাৰ বাবে আত্মহত্যা কৰা বুলি আজি পুৱা খবৰ পোৱাৰ পাছতে গাওঁবাসী ক্ষুব্ধ হৈ পৰে ।

লগে লগে জালুকনিবাৰী আৰক্ষীৰ বিৰুদ্ধে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত ব্যৰ্থ হোৱাৰ প্ৰতিবাদ জনায় আৰক্ষী গ'বেক, অসম পুলিচ হায় হায় ধবনি দি পৰিস্থিতি উত্তপ্ত কৰি তোলে। কিশোৰী গৰাকীৰ আত্মহত্যাৰ অনুসন্ধান আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠাবলৈ যোৱা আৰক্ষীক শ শ ৰাইজে ঘেৰাও কৰি ধৰ্ষণকাৰী বিজয় গণ্ডক এজাহাৰ দিয়া ১২ দিনৰ পিছতো কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই আৰু আৰক্ষীয়ে অপৰাধীক ঘোচ লৈ ৰক্ষণাবেক্ষন দিয়াৰ অভিযোগ উত্থাপন কৰি খণ্ড যুদ্ধত লিপ্ত হয়।

পৰিস্থিতি অধিক অৱনতি ঘটাত যোৰহাট জিলা আৰক্ষী অধীক্ষক ততালিকে গৈ ঘটনাস্থলীত উপস্থিত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে। ইপিনে  তিতাবৰৰ ভাস্কৰজ্যোতি বৰুৱা উপস্থিত হৈ ৰাইজ আৰু পৰিয়ালক ধৰ্ষণকাৰী বিজয় গণ্ডক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব বুলি প্ৰতিশ্ৰুতি দিয়াত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ নিবলৈ অনুমতি দিয়ে।

উল্লেখযোগ্য যে ২ অক্টোবৰৰ নিশা কুমাৰবন্ধা দুৰ্গা মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত হোৱা ভাওনা চাবলৈ যোৱা এগৰাকী কিশোৰীক পূজা সমিতিৰ সম্পাদক বিজয় গণ্ডে মোমায়েকৰ ঘৰলৈ থৈ অহা চলেৰে নি এখন বিদ্যালয়ত ধৰ্ষণ কৰে । পিছদিনা পৰিয়ালে অভিযুক্ত বিজয় গণ্ডৰ বিৰুদ্ধে জালুকনিবাৰী আৰক্ষী চকীত এজাহাৰ দিয়ে ।

কিন্তু পৰিতাপৰ কথা যে আৰক্ষীক এজাহাৰ দিয়াৰ ১২ টা দিনৰ পাছতো আৰক্ষীয়ে বিজয় গণ্ডৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা নলোৱাৰ বাবে অৱশেষত আৰক্ষীৰ পৰা ন্যায়ৰ আস্থা হেৰুৱাই আজি পুৱা আত্মহননৰ দৰে চৰম পথ বাছি লয় ।
কিশোৰী গৰাকীৰ মৃত্যুৰ ঘটনা বিয়পি পৰা পিছতে উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে স্থানীয় ৰাইজে ।

ইফালে এই ঘটনাৰ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । বিধায়ক ভাস্কৰজ্যোতি বৰুৱাই কয় যে অসম পুলিচৰ ইমান এটা ডাঙৰ নেটৱৰ্ক থকাৰ পিছতো দোষীক কৰায়ত্ত কৰিবলৈ বেছি সময় লাগিব বুলি মই নাভাবো।

সমগ্ৰ জিলা প্ৰশাসনক অনুৰোধ জনাইছো যে অতি সোনকালে  যদি দোষীক কৰায়ত্ত কৰিব নোৱাৰে তেতিয়া কিন্তু ৰাইজ ক্ষান্ত নহয়। চৰকাৰে চৰকাৰৰ কাম কৰক কিন্তু ৰাইজ ক্ষান্ত কৰিবলৈ দোষীক কৰায়ত্ত কৰিবই লাগিব।

আজি ১০ দিনেও এজন অপৰাধীক কৰায়ত্ত কৰিব নোৱাৰাটো এটা উদ্বেগজনক বিষয়। ইফালে তিতাবৰ কমাৰবন্ধাত সংঘটিত হোৱা এনে জঘন্য ধৰ্ষণ কাণ্ডৰ  তিতাবৰ সমজিলা আৰক্ষীৰ দুৰ্বল ভূমিকাক বিভিন্ন দল সংগঠনে গৰিহণা দিছে।

আটছাৰ নেতা ধীৰাজ গোৱালাই এই ঘটনাৰ গৰিহণা দিয়ে। আৰক্ষীয়ে নিৰ্যাতিতা ন্যায় দিব নোৱাৰাৰ বাবে আস্থা হেৰুৱাই আত্মহত্যা পথ বাছি ললে।

উল্লেখযোগ্য যে স্থানীয় ৰাইজে অভিযোগ কৰা মতে যোৱা ৫ তাৰিখে এখন ৰাজহুৱা সভা দি আৰক্ষী অধীক্ষকক এই বিষয়ে অৱগত কৰাৰ পিছতো আজি পৰ্যন্ত দোষীক কৰায়ত্ত কৰিবলৈ সক্ষম নহ'ল যাৰ ফলত ১৩ বছৰীয়া কিশোৰীগৰাকীয়ে নিজৰ ঘৰৰ ভিতৰতে আত্মহননৰ দৰে চৰম পথ বাছি লয়। তাৰবাবে আদিবাসী সমাজ জাগি উঠিছে যে আমাক ন্যায় লাগে।আজি মেজিষ্ট্ৰেট ,তিতাবৰ প্ৰশাসন,মৰিয়নি প্ৰশাসন আহিছে।আমাক ন্যায় লাগে,উচিত তদন্ত লাগে। আজিৰ ভিতৰত দোষীক কৰায়ত্ত কৰি উচিত শাস্তি দিবৰ বাবে দাবী জনাইছো। 

তিতাবৰ