/asomiyapratidin/media/media_files/2025/09/24/417-2025-09-24-16-05-18.jpg)
ডিজিটেল ডেস্ক : প্ৰাগ নিউজৰ উলুবাৰীস্থিত কাৰ্যালয়ৰ সন্মুখত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি। সংবাদ গোষ্ঠীটোৰ স্বত্বাধিকাৰ সঞ্জীৱ নাৰায়ণে আহ্বান কৰা সংবাদমেলৰ প্ৰতিবাদত সৃষ্টি হৈছে এই পৰিস্থিতিৰ।
বীৰ লাচিত সেনা, যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন দল- সংগঠন তথা ব্যক্তিয়ে জনাইছে তীব্ৰ প্ৰতিবাদ। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, এই সংবাদমেলখন সঞ্জীৱ নাৰায়ণে গুৱাহাটী প্ৰেছ ক্লাৱত আহ্বান কৰিছিল যদিও আৰক্ষীয়ে সেই স্থানত সংবাদমেলৰ আয়োজন বন্ধ কৰে।
ইয়াৰ পাছতে সঞ্জীৱ নাৰায়ণে নিজৰ প্ৰাগ নিউজৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত কৰাৰ জাননী দিয়ে। সেই মতে কিছু সংখ্যক সাংবাদিক তাত উপস্থিত হয় যদিও ইতিমধ্যে তাত সংবাদমেল আয়োজনৰ খবৰ পায়েই উপস্থিত হয় বীৰ লাচিত সেনা, যুৱ ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন সংগঠনৰ নেতৃত্ব তথা অন্যান্য ব্যক্তিসকল।
তেওঁলোকে ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ বিতৰ্কৰ সৈতে নাম সাঙোৰ খাই থকা এগৰাকী ব্যক্তিয়ে কেনেকৈ সংবাদমেল সম্বোধন কৰিব পাৰে, তাক লৈ প্ৰশ্ন উত্থাপন কৰে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ভালেসংখ্যক আৰক্ষীৰ লোক।
আনহাতে প্ৰতিবাদকাৰীসকলে এই সংবাদমেল বন্ধ কৰি সঞ্জীৱ নাৰায়ণক বিচাৰৰ আওতালৈ অনাৰ বাবে দাবী উত্থাপন কৰে।