/asomiyapratidin/media/media_files/2026/02/11/91-2026-02-11-13-24-23.jpg)
ডিজিটেল সংবাদ, সোণাপুৰ : ডিমৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণাপুৰৰ চামতা তুলসী নগৰত গো মাংসক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এখন চাইকেলত দুজনকৈ সন্দেহযুক্ত নাগৰিকে বস্তাৰে দুই শতাধিক পৰিয়ালে বসবাস কৰা হিন্দু গাঁৱখনৰ মাজৰে সৰবৰাহ কৰোতে হাতে -লোটে স্থানীয় ৰাইজে ধৰে।
স্থানীয় ৰাইজৰ অভিযোগ কিছু মাহ পূৰ্বে এটা মুছলমান পৰিয়াল অহা যোৱাৰ বাবে পথতো ব্যৱহাৰ কৰিব দিছিল স্থানীয় ৰাইজে। এতিয়া উচ্ছেদিত শ শ সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে পথাৰসমূহত সাজিছে ঘৰ । বিলৰ মাটি কৰিছে বেদখল ।
সন্দেহযুক্ত নাগৰিকে ঠাইখিনৰ নাম দিছে নতুন বস্তি। যাৰ বাবে সন্দেযুক্ত নাগৰিকৰ চৰণীয়া পথাৰ হৈ পৰিছে চামতাৰ তুলসী নগৰ। এসপ্তাহৰ পূৰ্বে ট্ৰাকত অহা লোকেও এতিয়া স্থানীয় লোকক দিয়ে হত্যাৰ ভাবুকি ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us