দ্বিতীয় দিনাও হাজোৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

দ্বিতীয় দিনাও হাজোৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি। অধ্যক্ষৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে মহাবিদ্যালয়খনত বিগত তিনিদিন ধৰি অব্যাহত আছে অচলাৱস্থা।

author-image
Asomiya Pratidin
New Update
75
  • দ্বিতীয় দিনাও হাজোৰ পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।
  • অধ্যক্ষৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে মহাবিদ্যালয়খনত বিগত তিনিদিন ধৰি অব্যাহত আছে অচলাৱস্থা।
  • মহাবিদ্যালয়ৰ অধ্যক্ষ মইনুল হকৰ পদত্যাগৰ দাবীত ABVPয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ।
  • জয় আই অসম আৰু অধ্যক্ষ মুৰ্দাবাদ ধ্বনিৰে উত্তাল মহাবিদ্যালয় চৌহদ।
  • অধ্যক্ষক ঘেৰাও কৰি সাব্যস্ত কৰিছে প্ৰতিবাদ।
  • প্ৰতিবাদী ছাত্ৰ ছাত্ৰীক "জয় আই অসম" ধ্বনি দিবলৈ মানা কৰিছিল অধ্যক্ষ মইনুল হকে।
  • ইয়াতে অধিক ক্ষুণ্ণ হৈ পৰে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীসকল।
  • মহাবিদ্যালয়খনত অধ্যক্ষই সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা অভিযোগ।
  • ছাত্ৰ একতা সভাৰ সহঃ সাধাৰণ সম্পাদকে মহাবিদ্যালয়ৰ ভিতৰত চলাইছিল সন্ত্ৰাস।
  • মহাবিদ্যালয় চৌহদ দিছিল মিঞা জিন্দাবাদ ধ্বনি।
  • বিগত এটা বছৰে এটাৰ পিছত আন এটা ঘটনা ঘটাৰ পিছতো নীৰৱ অধ্যক্ষগৰাকী।
  • যাৰ বাবে ছাত্ৰ -ছাত্ৰীসকলে ক্ষুব্ধ হৈ বিচাৰিছে অধ্যক্ষৰ পদত্যাগ।
হাজো