BSNLৰ ধামাকা অফাৰঃ ১টকাত ছিমকাৰ্ড, এমাহৰ ৪জি ইন্টাৰনেট ফ্ৰী...

চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি এছ এন এলে নতুন গ্ৰাহকৰ বাবে এই দীপাৱলীত মুকলি কৰিছে এক সুন্দৰ অফাৰ। কোম্পানীটোৱে মাত্ৰ ১ টকাত ৪জি সেৱা আগবঢ়াইছে, য’ত আছে

author-image
Asomiya Pratidin
New Update
ssssss

ডিজিটেল ডেস্কঃ  চৰকাৰী টেলিকম কোম্পানী ভাৰত সঞ্চাৰ নিগম লিমিটেড চমুকৈ বি এছ এন এলে নতুন গ্ৰাহকৰ বাবে এই দীপাৱলীত মুকলি কৰিছে এক সুন্দৰ অফাৰ। কোম্পানীটোৱে মাত্ৰ ১ টকাত ৪জি সেৱা আগবঢ়াইছে, য’ত আছে আনলিমিটেড কলিং, প্ৰতিদিনে ২জিবি হাইস্পীড ডাটা, আৰু প্ৰতিদিনে ১০০ টা এছএমএছ।

এই অফাৰ কেৱল নতুন গ্ৰাহকৰ বাবেহে।  ২০২৫ চনৰ ১৫ অক্টোবৰৰ পৰা ১৫ নৱেম্বৰলৈকে বৈধ হ'ব এই অফাৰ।কোম্পানীয়ে ইয়াক "দীপাৱলী বোনাঞ্জা প্লেন" নাম দিছে।  বিএছএনএলে কয় যে,  এই অফাৰ ভাৰতীয় প্ৰযুক্তিৰে বিকশিত তেওঁলোকৰ ৪জি নেটৱৰ্কৰ মানদণ্ড প্ৰদৰ্শনৰ এক সুযোগ।

 এই সময়ছোৱাত ব্যৱহাৰকাৰীয়ে বিনামূলীয়া আনলিমিটেড ভইচ কলিং, প্ৰতিদিনে ২জিবি হাইস্পীড ইণ্টাৰনেট, আৰু প্ৰতিদিনে ১০০টা এছএমএছ লাভ কৰিব। বিএছএনএলে একেবাৰে বিনামূলীয়াকৈ নতুন চিম কাৰ্ডো প্ৰদান কৰিব।

কোম্পানীটোৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক এ ৰবাৰ্ট জে ৰবিয়ে কয় যে, "এই অফাৰে গ্ৰাহকক আমাৰ থলুৱাভাৱে বিকশিত ৪জি নেটৱৰ্কৰ অভিজ্ঞতা লাভ কৰাৰ সুযোগ দিয়ে। আমি নিশ্চিত যে আমাৰ সেৱাৰ মানদণ্ড আৰু কভাৰেজে ৩০ বিনামূলীয়া দিনৰ পিছতো গ্ৰাহকক আমাৰ লগত ৰাখিব।"

ভাৰত