বিজেপিলৈ বিপদ ! নতুন ৰাষ্ট্ৰীয় দল ঘোষণা কে চন্দ্ৰশেখৰ ৰাওৰ...

author-image
Asomiya Pratidin
New Update
বিজেপিলৈ বিপদ ! নতুন ৰাষ্ট্ৰীয় দল ঘোষণা কে চন্দ্ৰশেখৰ ৰাওৰ...

kcr

ডিজিটেল ডেস্কঃ সন্মুখত লোকসভাৰ নিৰ্বাচন। ২০২৪ ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশজুৰি ৰাজনৈতিক দলবোৰৰ মাজত চলিছে ব্যাপক প্ৰস্তুতি। ৰাজনৈতিক নেতাই জনতাৰ আস্থা লাভৰ বাবে গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ।

Advertisment

এনে পদক্ষেপৰ আঁতধৰিয়েই এইবাৰ নিজৰ দলৰ নাম সলনি কৰিছে তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে। তেলেংগানা ৰাষ্ট্ৰ সমিতি চমুকৈ টি আৰ এছৰ নাম সলনি কৰি চন্দ্ৰশেখৰ ৰাৱে দলটোৰ নতুন নাম দিলে ভাৰত ৰাষ্ট্ৰ সমিতি। আঞ্চলিক দলৰ পৰা তেওঁ নিজ দলক ৰাষ্ট্ৰীয় দল হিচাপে প্ৰতিষ্ঠা কৰাৰ এক প্ৰচেষ্টা গ্ৰহণ কৰিছে।

উল্লেখ্য যে ২০২৪ ত কেন্দ্ৰৰ পৰা বিজেপি চৰকাৰক বিদায় দিবলৈ যিসকল বিৰোধী ৰাজনৈতিক নেতাই বিশেষ প্ৰচেষ্টা অব্যাহত ৰাখিছে তাৰ ভিতৰত কে চন্দ্ৰশেখৰ ৰাও আছে শীৰ্ষত। তেওঁ ঐক্যবদ্ধ মিত্ৰজোঁট গঠনৰ বাবে কেইবাজনো বিৰোধী নেতাক সাক্ষাৎ কৰি দলৰ নাম সলনি কৰাৰ এই সিদ্ধান্ত গ্ৰহণ কৰিলে।

বুধবাৰে বিজয়া দশমীৰ দিনটোত দিনৰ প্ৰায় ১.১৯ বজাত তেওঁ দলটোৰ এই নতুন নাম ঘোষণা কৰিলে। ইফালে কে চন্দ্ৰশেখৰ ৰাওৰ এই সিদ্ধান্তক আদৰণি জনাইছে দলটোৰ কৰ্মীসকলে।

নতুন দল ঘোষণা অনুষ্ঠানত জে ডি(এছ) নেতা তথা কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এইচ ডি কুমাৰস্বামীৰ লগতে তেওঁৰ ২০ জন বিধায়কে টি আৰ এছৰ মুখ্য কাৰ্যালয়ত উপস্থিত থাকে। এই নতুন নামেৰে ৰাৱে ২০২৪ চনত ৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি ৰাষ্ট্ৰীয় ৰাজনীতিত চৰ্চা চলিছে।

আনহাতে নতুন দল গঠনৰ আনুষ্ঠানিক নাম প্ৰকাশৰ লগে লগে তেলেংগানাৰ ৰাজপথত দলীয় কৰ্মীসকলে সমদল কৰাও পৰিলক্ষিত হ'ল।

KCR K. Chandrashekar Rao