পিতৃ ঘৰৰ পিছত এইবাৰ চৰকাৰী ঘৰৰ পৰাও উলিয়াই দিব লালুৰ বৰপুত্ৰক...

নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ এতিয়া পানীত হাঁহ নচৰা যেন পৰিৱেশৰ সৃষ্টি হৈছে। লালুৰ বৰপুত্ৰ তেজ প্ৰতাপ যাদৱ অচিৰেই এৰিব লাগিব চৰকাৰী বাংলো। উল্লেখ কৰা প্ৰয়োজন যে,পিতৃ লালু প্ৰসাদ যাদৱে

author-image
Asomiya Pratidin
New Update
lalu ss

ডিজিটেল ডেস্কঃ নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পাছত লালু প্ৰসাদ যাদৱৰ পৰিয়ালৰ এতিয়া পানীত হাঁহ নচৰা যেন পৰিৱেশৰ সৃষ্টি হৈছে। লালুৰ বৰপুত্ৰ তেজ প্ৰতাপ যাদৱ অচিৰেই এৰিব লাগিব চৰকাৰী বাংলো। উল্লেখ কৰা প্ৰয়োজন যে,পিতৃ লালু প্ৰসাদ যাদৱে ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছতে প্ৰাক্তন মন্ত্ৰী আৰু বিধায়ক হোৱাৰ সূত্ৰে তেজ প্ৰতাপ আছিল চৰকাৰী এক বাংলোত।

কিন্তু শেহতীয়াকৈ নতুন দল খুলি বিহাৰ নিৰ্বাচনত অৱৰ্তীণ হোৱা তেজ প্ৰতাপ বাকীটো বাদেই, নিজেও জিকিব নোৱাৰিলে মহুৱা সমষ্টিত। সেয়েহে এতিয়া চৰকাৰী বাংলো এৰিব লাগিব তেজ প্ৰতাপে।  ২০২০ৰ নিৰ্বাচনত হছনপুৰ সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল তেজ প্ৰতাপ। 

কেৱল তেজ প্ৰতাপেই নহয় তেজ প্ৰতাপ মাতৃ তথা লালুৰ পত্নী ৰাৱড়ী দেৱীয়েও খালী কৰিব লাগিব চৰকাৰী আৱাস। এই আৱাসতে লালু প্ৰসাদ যাদৱেও পৰিয়ালৰ সৈতে বাস কৰিছিল। কিন্তু এইবাৰ ৰাৱড়া দেৱীও পৰাস্ত হৈছে। গতিকে তেওঁকো চৰকাৰী ঘৰ খালী কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে বিধানসভা কৰ্তৃপক্ষই। 

মুঠৰ ওপৰত পিতৃ লালু প্ৰসাদৰ পৰা আদি কৰি বৰপুত্ৰ তেজ প্ৰতাপৰ সৈতে হঠাতে ঘৰহীন হৈ পৰিব। অৱশ্যে বিগত বহু বছৰ ধৰি চৰকাৰী বাসগৃহত থকাৰ বাবে নিজৰ ব্যক্তিগত বাসগৃহলৈ যোৱাই নাছিল লালুৰ পৰিয়াল। 

বিহাৰ বিহাৰ চৰকাৰ