/asomiyapratidin/media/media_files/2025/08/09/57-2025-08-09-23-44-50.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱা : "কোনো কাম একাণপতিয়াকৈ আৰু একাগ্ৰতাৰে যদি কৰা হয় সেই কামত সফলতা লাভ কৰাটো অনিবাৰ্য। আমাৰ আশে পাশে এনে অনেক উদাহৰণ আছে। উদ্যমী মন আৰু কৰ্মস্পৃহাৰ গৰাকী সকলো লোকেই বাধাৰ প্ৰাচীৰ ভাঙি লাভ কৰে সফলতা।"
এই মন্তব্য নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ। ৰাখী পূৰ্নিমা আৰু স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যৰ অগ্ৰনী ব্যবসায় প্ৰতিষ্ঠান আৰ ডি মটৰচৰ উদ্যোগত আজি অনুষ্ঠিত ডিজিটেল কুইজ প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰি তেওঁ ছাত্ৰ ছাত্ৰীৰ সকলক আগুৱাই যাবলৈ প্ৰেৰণাদায়ক ভাষণ প্ৰদান কৰে।
শুভাৰম্ভ অনুষ্ঠানত আৰ ডি মটৰচৰ পৰিচালন সঞ্চালক মহেশ আগৰৱালা, বিশাল আগৰৱালাকে আদি কৰি সমূহ কৰ্মকৰ্তা উপস্থিত থাকে। নগাঁও চহৰৰ খুটিকটীয়াৰ আৰ ডি মটৰচৰ ব্যবসায় প্ৰতিষ্ঠানত অনুষ্ঠিত এই প্ৰতিযোগিতাখনিত নগাঁও জিলাৰ চৰকাৰী, বেচৰকাৰী বিদ্যালয় সমূহৰ চতুৰ্থ মান শ্ৰেণীৰ পৰা অষ্টম মান শ্ৰেণীত অধ্যয়নৰত দুই শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।
বিজ্ঞান, সাধাৰন জ্ঞান, সাম্প্ৰতিক সময়, কলা সংস্কৃতি আৰু সংগীত আদি বিষয় সামৰি অনুষ্ঠিত আকৰ্ষণীয় কুইজ প্ৰতিযোগিতাখনি পৰিচালনা কৰে সাদিন প্ৰতিদিন গোষ্ঠীৰ সাংবাদিক তথা কুইজ মাষ্টাৰ দিব্যজ্যোতি বৰুৱাই। শেষত বিজয়ী দল সমূহক নগদ ধন, মানপত্ৰ আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us