ৰোহিত শৰ্মা আঁতৰিলঃ এদিনীয়া ক্ৰিকেট দলটোৰ অধিনায়কৰ দায়িত্বত শুভমণ গীল

বহুতেই ধাৰণা কৰিছিল আৰু একাংশ প্ৰাক্তন ক্ৰিকেটাৰেও দাবী কৰিছিল এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব দিব লাগে শ্ৰেয়াছ আয়াৰক। সামাজিক মাধ্যমতো এই বিষয়ে যথেষ্ট চৰ্চা হৈছিল।

author-image
Tushar Pratim
New Update
WhatsApp Image 2025-10-04 at 15.34.15

ডিজিটেল ডেস্কঃ সকলো জল্পনা-কল্পনাৰ অৱসান। অৱশেষত ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰো অধিনায়কৰ দায়িত্ব প্ৰদান শুভমণ গীলৰ হাতত।

টেষ্ট আৰু টি-২০ৰ পৰা অৱসৰ গ্ৰহণ কৰা ৰোহিত শৰ্মা ভাৰতীয় এদিনীয়া ক্ৰিকেট দলটোৰ অধিনায়কৰ দায়িত্বত আছিল যদিও অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰা ভাৰতীয় দলটোৰ অধিনায়কৰ দায়িত্ব দিয়া হৈছে শুভমণ গীলৰ হাতত। অৱশ্যে দলটোত ৰোহিত শৰ্মা আৰু বিৰাট কোহলিক স্থান দিয়া হৈছে।

বহুতেই ধাৰণা কৰিছিল আৰু একাংশ প্ৰাক্তন ক্ৰিকেটাৰেও দাবী কৰিছিল এদিনীয়া দলৰ অধিনায়কৰ দায়িত্ব দিব লাগে শ্ৰেয়াছ আয়াৰক। সামাজিক মাধ্যমতো এই বিষয়ে যথেষ্ট চৰ্চা হৈছিল।

বাৰে বাৰে বি চি চি আইৰ নিৰ্বাচক মণ্ডলীৰ দ্বাৰা উপেক্ষিত হোৱা শ্ৰেয়াছ আয়াৰক অৱশ্যে এইবাৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ঘোষণা কৰা দলটোৰ উপ-অধিনায়কৰ দায়িত্ব দিয়া হৈছে। দলটোত উইকেট কীপাৰ হিচাপে আছে কে এল ৰাহুল।

লক্ষ্যণীয় ভাৱে এই দলটোত নাই বেগী বলাৰ যশপ্ৰীত বুমৰাহ। দলটোত বেগী বলাৰ হিচাপে স্থান লাভ কৰিছে হৰ্ষিত ৰাণা, মহম্মদ ছিৰাজ, অৰ্শ্বদীপ সিং  আৰু প্ৰসিদ্ধ কৃষ্ণই। 

ইফালে টি-২০ দলটোৰ অধিনায়ক হিচাপে আছে সূৰ্য কুমাৰ যাদৱ। উপ-অধিনায়কৰ দায়িত্বত শুভমণ গীল। এই দলটোত আছে যশপ্ৰীত বুমৰাহ।

দলটোত উইকেটকীপাৰ হিচাপে স্থান দিয়া হৈছে সঞ্জু ছেমছন আৰু জীতেশ শৰ্মাক। আছে অভিষেক শৰ্মা, ৰিংকু সিং, শিৱম ডুবে আদিও।

ঘোষিত এদিনীয় দলটোঃ শুভমণ গীল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ (উপ-অধিনায়ক), অক্সৰ পেটেল, কে এল ৰাহুল (উইকেট কীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, মহম্মদ ছিৰাজ, অৰ্শ্বদীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, ধ্ৰুল জুৰেল (উইকেট কীপাৰ), যশস্বী জয়ছোৱাল। 

ঘোষিত টি-২০ দলটোঃ সূৰ্য কুমাৰ যাদৱ (অধিনায়ক), অভিষেক শৰ্মা, শুভমণ গীল (উপ-অধিনায়ক), তিলক বৰ্মা, নীতিশ কুমাৰ ৰেড্ডী, শিৱম ডুবে, অক্সৰ পেটেল, জীতেশ শৰ্মা (উইকেট কীপাৰ), বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, অৰ্শ্বদীপ সিং, কুলদীপ যাদৱ, হৰ্ষিত ৰাণা, সঞ্জু ছেমছন (উইকেট কীপাৰ), ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ। 

ৰোহিত শৰ্মা শুভমণ গীল টীম ইণ্ডিয়া