মানৱীয় শিক্ষাঃ বানাক্ৰান্তলৈ সহায়ৰ হাত ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক, শিক্ষাৰ্থীসকলৰ...

মানৱীয় শিক্ষাঃ বানাক্ৰান্তলৈ সহায়ৰ হাত ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক, শিক্ষাৰ্থীসকলৰ...

author-image
Asomiya Pratidin
New Update
মানৱীয় শিক্ষাঃ বানাক্ৰান্তলৈ সহায়ৰ হাত  ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক, শিক্ষাৰ্থীসকলৰ...

ডিজিটেল ডেস্কঃ এখন বিদ্যালয়ৰ কৰ্তৃপক্ষ আৰু এজাক শিক্ষাৰ্থীৰ মহানুভৱতাই দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। এই বিদ্যালয়খনৰ নাম ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুল। বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়ত্ৰী আৰু শিক্ষাৰ্থীসকলে মিলি বানাক্ৰান্তৰ মাজত বিতৰণ কৰিলে সাহায্য।

Advertisment

ৰাইজৰ কিছু অভাৱ পূৰ কৰিব পৰাকৈ বিদ্যালয়খনে অঞ্চলটোৰ বানাক্ৰান্ত ৰাইজৰ মাজত বিতৰণ কৰে কিছু প্ৰয়োজনীয় সামগ্ৰী। দাইল, চাউল, আলুৰ পৰা আজি কৰি ভিন্ন প্ৰয়োজনীয় সামগ্ৰীবোৰ নিজেই টোপোলা কৰি বানাক্ৰান্ত ৰাইজৰ বাবে সাজু কৰে শিক্ষাৰ্থীসকলে।

উল্লেখ কৰা প্ৰয়োজন যে, ৰাজ্যত বৰ্তমানেও জটিল হৈ আছে বান পৰিস্থিতি। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন কৰ্তৃপক্ষই প্ৰকাশ কৰা তথ্য অনুসৰিয়েই ৰাজ্যৰ মুঠ ২৬ জিলাৰ ৯০ টা ৰাজহ চক্ৰৰ বিস্তৰ এলেকা বানপানীৰ কৱলত আছে। বৰ্তমান বানপীড়িত লোকৰ সংখ্যা ১৭ লাখ ১৭ হাজাৰ ৫৯৯ জন। সেইদৰে এতিয়াও বানপানীৰ তলত আছে ৩৯ হাজাৰ, ৮৭০.৩ হেক্টৰ কৃষি ভূমি। এনে পৰিস্থিতিত ফৰকাটিঙৰ এই বিদ্যালয়খনৰ শিক্ষাৰ্থী, শিক্ষকৰ এনে কাম সচাঁকৈয়ে শলাগিবলগীয়।

Also Read: ইণ্ডিয়ান আৰ্মীৰ কঠোৰ নিয়মঃ পিন্ধিব নোৱাৰে চেইন, আঙুঠি! লগাব নোৱাৰে লিপষ্টিক, নেইল পলিচ, পাৰফিউম...

ফৰকাটিং চিনিয়ৰ ছেকেণ্ডাৰী স্কুল