প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে জনালে শিক্ষক দিৱসৰ শুভেচ্ছা...

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমৰ জৰিয়তে শিক্ষক সমাজলৈ সেৱা জনোৱাৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিও প্ৰণাম জনাইছে।

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীয়ে জনালে শিক্ষক দিৱসৰ শুভেচ্ছা...

ডিজিটেল ডেস্কঃ সমগ্ৰ দেশৰ লগতে আজি অসমৰো প্ৰতিখন শিক্ষানুষ্ঠানৰ লগতে অন্যান্য অনুষ্ঠান, প্ৰতিষ্ঠানতো পালন হৈছে শিক্ষক দিৱস। শিক্ষক দিৱসৰ এই পবিত্ৰ ক্ষণত সামাজিক মাধ্যমতো দেখা গৈছে শিক্ষক সমাজলৈ নেটিজেনসকলে শ্ৰদ্ধাৰে শুভেচ্ছা জ্ঞাপন কৰিছে। 

ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো সামাজিক মাধ্যমৰ জৰিয়তে শিক্ষক সমাজলৈ সেৱা জনোৱাৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিও প্ৰণাম জনাইছে। তেওঁ ফেচবুকত লিখিছে, ''আজি পৱিত্ৰ শিক্ষক দিৱস৷ আমাৰ গুৰুসকল সাক্ষাৎ পৰম ব্ৰহ্ম বুলি সনাতনী সংস্কৃতিত বিশ্বাস কৰা হয়৷ বৰেণ্য শিক্ষাবিদ তথা দেশৰ সন্মানীয় ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰা ড° সৰ্বেপল্লী ৰাধাকৃষ্ণনদেৱৰ জন্মদিনটিত আমাৰ পৰম পৱিত্ৰ শিক্ষক দিৱসটি পালন কৰি অহা হৈছে৷ 
আজিৰ এই শুভ দিনটিত শ্ৰদ্ধেয় ৰাধাকৃষ্ণনদেৱলৈ মোৰ শত-সহস্ৰ প্ৰণাম যাচিলোঁ৷ লগতে মোৰ অতি শ্ৰদ্ধাৰ আৰু দেশৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সভক্তিৰে সেৱা জনালোঁ৷''

আনহাতে ৰাজ্যৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱেও সামাজিক মাধ্যমৰ জৰিয়তে শিক্ষক সমাজলৈ প্ৰণাম জনাইছে। তেওঁ লিখিছে, ‘শিক্ষক দিৱস’ৰ পৱিত্ৰ ক্ষণত ব্যক্তি আৰু সমাজৰ অন্যতম মাৰ্গদৰ্শক প্ৰতিগৰাকী শিক্ষাগুৰুলৈ সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। মানৱ সম্পদ গঢ়াৰ ক্ষেত্ৰত শিক্ষাগুৰুসকলে আগবঢ়োৱা অনুপম অৱদান সমাজৰ বাবে শাশ্বত প্ৰেৰণাৰ উৎস হৈ থাকিব'।

তাৰোপৰি তেওঁ ৬৪সংখ্যক শিক্ষক দিৱস উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ত আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত বিদ্যালয় শিক্ষাৰ কৃতী শিক্ষক-শিক্ষয়িত্ৰীসকলক ৰাজ্যিক বঁটা প্ৰদানৰ লগতে উচ্চ শিক্ষাৰ কৃতী অধ্যাপক আৰু প্ৰতিষ্ঠানক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব বুলিও জনাইছে। 

ইফালে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও এক্সৰ জৰিয়তে শিক্ষক সমাজলৈ শিক্ষক দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ এক্সত শিক্ষক সকললৈ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জনাই পণ্ডিত, প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ সৰ্বেপল্লী ৰাধাকৃষ্ণনক স্মৰণ কৰিছে। 

মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী শিক্ষক দিৱস