/asomiyapratidin/media/media_files/2025/09/05/whatsapp-im-2025-09-05-18-21-23.jpeg)
ডিজিটেল সংবাদ, লামডিংঃ ৰাজ্যৰ প্ৰতিখন শিক্ষা প্ৰতিষ্ঠানতে আজি উৎসাহ-উদ্দীপনাৰে উদযাপন কৰিলে শিক্ষক দিৱস। পিছে লামডিং মহাবিদ্যালয়ত পৰিলক্ষিত হ’ল ইয়াৰ ভিন্ন দৃশ্য। অধ্যক্ষ ড° অনুৰাধা চৌধুৰীৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ আন্দোলন আৰু উদণ্ডতা প্ৰদৰ্শনৰ ফলতেই এইবাৰ মহাবিদ্যালয়খনত শিক্ষক দিৱস উদযাপনত অংশ নোলোৱাৰ সিদ্ধান্ত ললে শিক্ষক সকলে।
উল্লেখযোগ্য যে, বিগত ৩ ছেপ্তেম্বৰত মহাবিদ্যালয়খনত সৃষ্টি হৈছিল অনাকাংক্ষিত পৰিস্থিতিৰ। পানীৰ অভাৱ, ছাত্ৰীৰ শৌচালয়ত পানীৰ সুবিধা নথকা, শ্ৰেণীকক্ষত ফেনৰ ব্যৱস্থা নোহোৱাৰ দৰে সমস্যা সমাধানৰ দাবীত শিক্ষাৰ্থীয়ে প্ৰতিবাদ সাব্যস্ত কৰিছিল। কিন্তু এই প্ৰতিবাদৰ মাজতে মহাবিদ্যালয়ৰ বিভিন্ন আচ-বাব ভাঙি চুৰমাৰ কৰি এক প্ৰকাৰৰ হিংসাত্মক পৰিৱেশ সৃষ্টি কৰে। অভিযোগ অনুসৰি, একাংশ শিক্ষাৰ্থীয়ে অধ্যক্ষৰ গাড়ীৰ চকা পাম্পচাৰ কৰাত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।
এই ঘটনাক লৈ শিক্ষক সমাজে তীব্ৰ নিন্দা প্ৰকাশ কৰিছে। লগতে একাংশ প্ৰাক্তন শিক্ষাৰ্থীয়েও সামাজিক মাধ্যমত প্ৰতিবাদৰ নামেৰে মহাবিদ্যালয়ৰ সম্পত্তি ধ্বংস কৰাৰ কুকৰ্মৰ নিন্দা কৰিছে। ফলস্বৰূপে, আজি শিক্ষক দিৱস উপলক্ষে ড° সৰ্বপল্লী ৰাধাকৃষ্ণনৰ প্ৰতিকৃতিত পুষ্পাঞ্জলি প্ৰদান কৰাৰ পাছত উদযাপনমূলক অনুষ্ঠান সমূহ বাতিল কৰাৰ কথা ঘোষণা কৰে শিক্ষক সমাজে।