/asomiyapratidin/media/media_files/2025/12/27/whatsapp-image-2025-12-27-20-24-59.jpeg)
ডিজিটেল ডেস্কঃ শিক্ষকক সমাজৰ বটা বৃক্ষ বুলি কোৱা হয়। কিন্তু সেই শিক্ষকেই যেতিয়া গুৰু শিষ্যৰ পৱিত্ৰ সম্পৰ্কত কালিমা সানে কেনেকৈ ছাত্ৰ-ছাত্ৰীসকলে নিৰ্ভয়ে পাঠদান কৰিব বিদ্যালয়ত। হাজো সমষ্টিৰ অন্তৰ্গত পশ্চিম বড়িগোগ আঞ্চলিক জুনিয়ৰ ছেকেণ্ডাৰী স্কুলত সংঘটিত হৈছে এক জঘন্য ঘটনা।
বিদ্যালয়খনৰ শিক্ষক ভবেশ বৈশ্যৰ কৰ্ম কাণ্ডই সভ্য সমাজক বাৰুকৈ লজ্জিত কৰিছে।এগৰাকী শিক্ষক হৈ একাংশ ছাত্ৰক বিদ্যালয় চৌহদত অশ্লীল ব্যৱহাৰ কৰাক লৈ ক্ষোভিত হৈ পৰিছে বিদ্যালয় খনৰ একাংশ ছাত্ৰ। জ্ঞানৰ পোহৰ বিলাই ছাত্ৰ ছাত্ৰীক ভাল পথত আগুৱাই নিয়াটো হৈছে এগৰাকী শিক্ষকৰ মূল কৰ্ম। পিছে ভবেশ বৈশ্য ছাৰৰ মুখত এতিয়া জ্ঞান শব্দৰ পৰিৱৰ্তে ওলাই অশ্লীল শব্দৰ শব্দজাল।
/asomiyapratidin/media/post_attachments/aaafb292-bfd.png)
সাধাৰণ কথাতে ছাত্ৰ সকলক শাসনৰ পৰিৱৰ্তে শিক্ষক ভবেশ বৈশ্যই দিয়ে অশ্লীল গালিৰ এক মেটমৰা ভাণ্ডাৰ।ছাত্ৰ সকলৰ পিতৃ-মাতৃৰ চৰিত্ৰক লৈ গালি দিয়াৰ সমান্তৰালকৈ ছাত্ৰ সকলক অশ্লীল ব্যৱহাৰ কৰাক লৈ ক্ষোভিত হৈ পৰিছে একাংশ ছাত্ৰ। নিজৰ শিক্ষাগুৰুৰ এনে জঘন্য ৰূপ দেখি বাৰুকৈ লজ্জিত হৈ পৰিছে এই সকল ছাত্ৰ।
এতিয়া প্ৰশ্ন হৈছে যে শিক্ষক ভবেশ বৈশ্যক নাকী লগাব কোনে?কাৰ আশীৰ্বাদত শিক্ষক ভবেশ বৈশ্য এনে কাম কৰিছে। ছাত্ৰক শাসনৰ নামত ভবেশ বৈশ্যই অশ্লীল ব্যৱহাৰ কৰাটো শৈক্ষিক নীতিৰ অন্তৰ্ভুক্ত নেকি তাক লৈও প্ৰশ্ন আহি পৰিছে। বিতৰ্কিত শিক্ষক ভবেশ বৈশ্যক শিক্ষা বিভাগৰ উচ্চ বিষষ়াসকলে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়।
/asomiyapratidin/media/post_attachments/d57013ff-907.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us