Advertisment

চীন ভাৰত সীমান্তত সষ্টম ভাৰতীয় সেনা, অটুট আছে সেনাৰ মনোবলঃ আইটিবিপিৰ অধ্যক্ষ দেশৱাল…

চীন ভাৰত সীমান্তত সষ্টম ভাৰতীয় সেনা, অটুট আছে সেনাৰ মনোবলঃ আইটিবিপিৰ অধ্যক্ষ দেশৱাল…

author-image
asomiyapratidin
New Update
চীন ভাৰত সীমান্তত সষ্টম ভাৰতীয় সেনা, অটুট আছে সেনাৰ মনোবলঃ আইটিবিপিৰ অধ্যক্ষ দেশৱাল…

ডিজিটেল ডেস্কঃ ভাৰত তিৰ্বত সীমান্তৰ আৰক্ষী মহাপ্ৰৱন্ধক এছএছ দেশৱালে সোমবাৰে কয় যে, আইটিবিপি চীনৰ সৈতে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত কঠোৰ পৰিস্থিতিত থাকিবৰ বাবে নিজৰ সেনা জোৱান সকলক সষ্টম ৰাখিবলৈ কিছু গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত লৈছে। সেই অঞ্চল ঠাণ্ডা আৰু অক্সিজেন স্তৰৰ নিম্নৰ দৰে বহু সমস্যাৰে ইয়াৰ পৰিস্থিতি যথেষ্ট জটিল।

Advertisment

দেশৱালে কয় যে, লাডাখৰ যি অঞ্চলত বিগত কিছুমাহ পূৰ্বে ভাৰত আৰু চীনৰ সেনাৰ মাজত সংঘাট হৈছিল সি বৰ্তমান সম্পূৰ্ণ সুৰক্ষিত আৰু দেশৰ জোৱানৰ মানসিক পৰিস্থিতিও যথেষ্ট উন্নত। আইটিবিপিৰ অধ্যক্ষ দেশৱালে থৰ ৰেগিষ্টানত তিনি দিনৰ দীঘল ২০০ কিলোমিটাৰৰ ফিট ইণ্ডিয়া বাংকাথনক নিঃশেষ কৰাৰ পিছত মিডিয়াৰ আগত এইদৰে মন্তব্য কৰিছে।