হেংদাং লৈ সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত টাইপাৰ

আক্ৰমণৰ বাবে উদ্যত সন্দেহযুক্ত নাগৰিকক গ্ৰেপ্তাৰ নকৰিলে ১০০ ঘণ্টাৰ বাবে চৰাইদেউ জিলা বন্ধ ঘোষণাৰ হুংকাৰ দিয়ে টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,সোণাৰিঃ   সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে যুদ্ধংদেহী ৰূপত উজনিৰ জাতীয়-জনগোষ্ঠীয় সংগঠন। বুধবাৰে সন্দেহযুক্ত নাগৰিকে টাইপাৰ কৰ্মীক আক্ৰমণ কৰিবলৈ বিচৰা কাৰ্যৰ বিৰুদ্ধে আজি সোণাৰিত টাইপাৰ উদ্যাগত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে দল-সংগঠনে।

লক্ষ্যণীয় যে, সন্দেহযুক্ত নাগৰিকক ৪৮ ঘণ্টাৰ ভিতৰত উজনি অসম ত্যাগ কৰাৰ সকিয়নী প্ৰদান কৰে টাইপাই। তাৰোপৰি আক্ৰমণৰ বাবে উদ্যত সন্দেহযুক্ত নাগৰিকক গ্ৰেপ্তাৰ নকৰিলে ১০০ ঘণ্টাৰ বাবে চৰাইদেউ জিলা বন্ধ ঘোষণাৰ হুংকাৰ দিয়ে টাইপাৰ সভাপতি দিগন্ত তামুলীয়ে।

সোণাৰি মহাবিদ্যালয়ৰ সন্মুখত অনুষ্ঠিত প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰি এই কথা ঘোষণা কৰে সংগঠনৰ নেতৃত্বই। উল্লেখযোগ্য যে, প্ৰতিবাদত টাইপা, আটাছু, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।

ইফালে সভাৰ অন্তত প্ৰতিবাদকাৰী সকলে এক শোভাযাত্ৰা কৰি সোণাৰি থানা ঘেৰাও কৰে। থানাৰ সন্মুখত বিভিন্ন শ্লোগান দি নিজ দাবী ৰাখে প্ৰতিবাদকাৰীয়ে।

সোণাৰি taypa