/asomiyapratidin/media/media_files/2025/08/21/tayabun-nisha-21-2025-08-21-21-33-27.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ চলিত বৰ্ষৰ জানুৱাৰী মাহত জন্ম লাভ কৰিছিল ‘আগন্তুক’(নৱ প্ৰজন্মৰ বাবে উৎসর্গিত), শিৱসাগৰ জিলা ভিত্তিক এক স্বেচ্ছাসেৱী অনুষ্ঠান। বিভিন্ন ক্ষেত্ৰলৈ মহৎ অৱদান আগবঢ়োৱা ব্যক্তিসকলৰ কৰ্ম আৰু আদৰ্শ প্ৰচাৰ, ভাষা-সাহিত্য, ক্ৰীড়া-সঙ্গীত, চিত্র-ভাস্কর্য, অভিনয় আদি চৰ্চাৰ অনুকূল পৰিৱেশ ৰচনাৰ লগতে নৱ প্ৰজন্মৰ মাজত বিজ্ঞান মনস্কতাৰ ভাব জাগ্ৰত কৰা, সমাজত শান্তি-সম্প্রীতি আদি বৰ্তাই ৰখাৰ ক্ষেত্ৰত এই চালুকীয়া অনুষ্ঠানটিয়ে মনোনিৱেশ কৰিছে।
ইতিমধ্যে অসমীয়া গীতৰ প্ৰথম গ্ৰামোফোন ৰেকৰ্ড কৰোঁতা সঙ্গীতজ্ঞ প্ৰফুল্ল চন্দ্ৰ বৰুৱা, সাহিত্যাচার্য যোগেন চেতিয়া, গণশিল্পী লক্ষেশ্বৰ বুঢ়াগোহাঁই, গল্পকাৰ কমলা বৰগোহাঁই, নিৰ্ভীক সাংসদ হেম বৰুৱা, জনগোষ্ঠীয় চিন্তাশীল লেখক ইন্দিবৰ দেউৰী, ৰূপান্তৰৰ শিল্পী জ্যোতিপ্ৰসাদ আগৰৱালা, গীতিকাৰ-গায়ক বুধিন ভট্টাচাৰ্য আদি মহান ব্যক্তিৰ জন্মদিন পালনৰ জৰিয়তে নতুন প্ৰজন্মক বিশেষভাৱে জড়িত কৰিছে এই স্বেচ্ছাসেৱী সংস্থাটোৱে।
এনেবোৰ কর্মসূচী ৰূপায়ণৰ মাজতে অনুষ্ঠানটিয়ে প্ৰৱৰ্ত্তন কৰা “অর্জুন ভোগেশ্বৰ বৰুৱা উত্তৰাদিত্য বঁটা”টি অহা ২১ ছেপ্টেম্বৰ, ২০২৫ তাৰিখে শিৱসাগৰৰ সু-সন্তান, বৰেণ্য ৰাষ্ট্ৰীয় এথলিট, ডিচকাচ ৰাণী তৈয়বুন নিচাক শিৱসাগৰ যুৱদ’লত আয়োজিত “আৰু দূৰ আৰু দ্ৰুত আৰু অভ্রভেদী উচ্চলৈ” শীৰ্ষক অনুষ্ঠানত প্ৰদান কৰা হ'ব। নবীন-প্রবীন খেলুৱৈ তথা ক্ৰীড়ানুৰাগী ৰাইজৰ সমাবেশত অনুষ্ঠিত হ'বলগা বর্ণাঢ্য অনুষ্ঠানত মহান ক্রীড়াবিদ ভোগেশ্বৰ বৰুৱাদেৱে ৰাষ্ট্ৰীয় এথলিট, ক্রীড়াবিদ তৈয়বুন নিচাক তেখেতৰ নামত প্ৰৱৰ্তিত বঁটাটি নিজ হাতেৰে প্ৰদান কৰিব।
উল্লেখযোগ্য যে, সেইদিনাই অর্জুন ভোগেশ্বৰ বৰুৱা আৰু যুগকন্যা অভিধাৰে বিভূষিত তৈয়বুন নিচাক সন্মান জনোৱাৰ বাবে এটি ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰো আয়োজন কৰা হৈছে। আগন্তুকৰ সভাপতি যোগ গগৈ আৰু মুখ্য সম্পাদক দিলীপ শইৰকীয়াই অনুষ্ঠানটিত সকলো ৰাইজৰ আন্তৰিক উপস্থিতি আৰু পূর্ণ সহযোগিতা কামনা কৰিছে।