তিতাবৰত প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত থলগিৰি জনতাৰ ভৱিষ্যতৰ সুৰক্ষা বিষয়ত গুৰুত্ব দিবলৈ দাবী থলগিৰি ঐক্য মঞ্চৰ...

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ বিজেপি চৰকাৰে কেতবোৰ সিদ্ধান্ত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষা স্বাৰ্থত লোৱা বুলি কলেও   বাস্তবিকতে কেতিয়াবা  ই থলগিৰি মানুহৰ বিপৰীতে গৈ অস্তিত্বৰ সংকটৰ মুখলৈ ঠেলি দিয়া

author-image
Asomiya Pratidin
New Update
ydhdhdh

ডিজিটেল সংবাদ বেকাজানঃ  হিমন্ত বিশ্ব শৰ্মা নেতৃত্বৰ বিজেপি চৰকাৰে কেতবোৰ সিদ্ধান্ত খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ সুৰক্ষা স্বাৰ্থত লোৱা বুলি কলেও   বাস্তবিকতে কেতিয়াবা  ই থলগিৰি মানুহৰ বিপৰীতে গৈ অস্তিত্বৰ সংকটৰ মুখলৈ ঠেলি দিয়া বুলি গুৰুত্ব অভিযোগ উত্থাপিত হৈছে।

আজি তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যালয়ত আহোম, চুতীয়া, কোচ, চাউদাং, অনুসূচীত জাতি কৈৱত ,মিছিং, সোণোৱাল, ঠেঙ্গাল কছাৰী তাই তুৰুং আদি জনগোষ্ঠীৰ  উদ্যোগত গঠন কৰা থলগিৰী ঐক্য মঞ্চই  সংবাদমেলৰ জৰিয়তে চৰকাৰৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত কৰিছে। সংবাদমেলত  থলগিৰি ঐক্য মঞ্চই  কয় যে বিজেপিয়ে  বিগত সত্তৰ বছৰ ধৰি থলগিৰি মানুহৰ প্ৰভুত্ব থকা তিতাবৰ সমষ্টিক নিজৰ ৰাজনৈতিক লাভালাভৰ বাবে এতিয়া চক্ৰান্ত কৰি এটা বিশেষ জনগোষ্ঠীৰ অধীনলৈ নিব বিচাৰিছে ।  

ফলত খিলঞ্জীয়া থলগিৰি মানুহৰ ৰাজনৈতিক অধিকাৰ অস্তিত্ব সংকটত পৰিছে। থলগিৰি ঐক্য মঞ্চই অভিযোগ কৰে যে তিতাবৰ বিধানসভা সমষ্টিৰ সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ জৰিয়তে সমষ্টিটোৰ থলগিৰী জনতাৰ ভৱিষ্যত বিপন্ন কৰি পেলোৱা হল। এক বিশেষ জনগোষ্ঠীৰ বাবে সংৰক্ষিত সমষ্টিলৈ নিব বিচৰা হৈছে।  বিজেপিয়ে দীর্ঘদিন ধৰি সমষ্টিটোৰ ৰাজনৈতিক অধিকাৰ নিৰ্ণয় কৰি অহা থলগিৰি  জনতাৰ প্ৰকৃত তথ্য বিকৃত কৰি ইতিমধ্যে এক সম্প্ৰদায়ৰ ভোটাৰৰ পৰিসংখ্যা ৰাজহুৱা কৰিছে। যিটো সম্পূৰ্ণ ভুল আৰু উদ্দেশ্য প্ৰণোদিত। এই কাৰ্যৰ জৰিয়তে বিজেপিয়ে ৰাজনৈতিকভাবে পুনৰবাৰ আমাৰ খিলঞ্জীয়া থলগিৰি মানুহক ৰাজনৈতিকভাৱে হত্যা কৰিব বিচৰা হৈছে।

মাত্ৰ ডেৰশ বছৰ পূৰ্বে এটা বিশেষ সম্প্ৰদায়ৰ স্বাৰ্থত এহেজাৰ বছৰৰ পুৰণি আদিম ভূমিপুত্ৰ খিলঞ্জীয়া আৰু থলগিৰি মানুহৰ ৰাজনৈতিক অধিকাৰক বঞ্চিত কৰাতো ৰাইজে কোনোপধ্যেই মানি লব নোৱাৰে। বিজেপিয়ে কোনো ৰাজনৈতিক দলক ভোট যুদ্ধ  পৰাজিত কৰিবলৈ গৈ বিফল হোৱাৰ পাছত  এনেদৰে সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি ভোটাৰ তাৰতম্য ঘটাই খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ বিপন্ন কৰা কাৰ্য সমাগত নিৰ্বাচনত খোদ বিজেপিৰ বাবে আত্মঘাতী হব। কাৰণ তিতাবৰ ৰাইজে এতিয়া বিজেপিৰ ৰাজনৈতিক অংক বুজি উঠিছে।

শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই তিতাবৰ সমষ্টিৰ ভোটৰ পেটাৰ্ণ সলনি কৰিবলৈ গৈ যি সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰিলে তাকলৈ এতিয়া তিতাবৰৰ ৰাইজে বাৰুকৈয়ে ক্ষুণ্ণ হৈ পৰিছে। উল্লেখযোগ্য যে দীর্ঘদিন ধৰি তিতাবৰ  সমষ্টিটোত খিলঞ্জীয়া জনগোষ্ঠীয়ে ৰাজনৈতিক অধিকাৰ নিৰ্ণয় কৰি আহিছে কিন্তু দুৰ্ভাগ্য কথা যে এইবাৰ বিজেপিৰ  এগৰাকী যুৱ বিধায়কৰ হতুৱাই জনগাঁথনিৰ জৰীপ কৌশলেৰে সেই ৰাজনৈতিক ব্যাহত কৰিব বিচৰা হৈছে।

এনেধৰণৰ খিলঞ্জীয়াৰ ৰাজনৈতিক অধিকাৰ অস্তিত্ব বিপন্ন কৰা কাৰ্যক তীব্ৰ বিৰোধিতা কৰি ৰাজ্য চৰকাৰক আমি প্রশ্ন কৰোঁ যে খিলঞ্জীয়া জনতাৰ প্ৰতি এয়া কেনে ধৰণৰ ন্যায়। কিহৰ স্বাৰ্থত, কি অংকত তিতাবৰ বিধানসভা সমষ্টি জন গাঁথনিৰ বিন্যাস ধবংস কৰা হ'ল? অন্যহাতে শাসকীয় দলৰ এগৰাকী বিধায়কৰ উদ্যোগত সমষ্টিটোৰ ভোটাৰৰ সন্দৰ্ভত দলীয়ভাৱে চলোৱা লোকপিয়লত উদ্বেগজনকভাৱে সমষ্টিটোৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহৰ ভোটাৰৰ সংখ্যা তাৰতম্য কৰা হৈছে। আমি থলগিৰি ঐক্য মঞ্চই  ইয়াক তীব্র প্রতিবাদ জনোৱা লগতে  আমি ইয়াক ৰাজনৈতিক উদেশ্য প্রণোদিত আখ্যা দিছো।

 আমি মুখ্যমন্ত্ৰীক  সমষ্টিটোক ভোটাৰৰ পুনৰ লোকপিয়ল কৰিবলৈ আহ্বান জনাইছো । দেশ স্বাধীন হোৱাৰে পৰা থলগিৰী জনগোষ্ঠীসমূহে নির্ণায়ক ভূমিকা গ্রহণ কৰি অহা তিতাবৰ বিধানসভা সমষ্টিটোত থলগিৰী জনগোষ্ঠীৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিব বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিবই বুলি দাবী জনাইছো। এই ক্ষেত্ৰত শাসক- বিৰোধী সকলোপক্ষই পদক্ষেপ গ্রহণ কৰিব লাগিব ।

ইয়াৰ অন্যথা আগন্তুক দিনত  আমি সকলোপক্ষ থলগিৰী জনগোষ্ঠীৰ প্ৰত্যাহ্বান সন্মুখীন হ'ব লাগিব । আজি আমি এই সংবাদমেলৰ জৰিয়তে  আহোম, চুতীয়া, কোচ, চাউদাং, অনুসূচীত জাতি কৈৱত ,মিছিং, সোণোৱাল, ঠেঙ্গাল কছাৰী তাই তুৰুং জনগোষ্ঠীসমূহৰ  থলগিৰী ঐক্য মঞ্চই  চৰকাৰৰ খিলঞ্জীয়া জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবলৈ স্পষ্ট কৰি দিছো।

তিতাবৰ