/asomiyapratidin/media/media_files/2025/09/06/tata-2025-09-06-11-56-23.jpg)
ডিজিটেল ডেস্কঃ গ্ৰাহকৰ বাবে এটা ভাল খবৰ। অহা ২২ ছেপ্টেম্বৰৰ পৰা টাটা মটৰ্ছে সকলো যাত্ৰীবাহী বাহনৰ মডেলত সৰ্বাধিক ১.৪৫ লাখ টকা পৰ্যন্ত দাম হ্ৰাস কৰিব। টাটা ম'টৰছে শুকুৰবাৰে ঘোষণা কৰিছে এই কথা। এই সিদ্ধান্ত নতুন অনুমোদিত জিএছটি (GST 2.0) ব্যৱস্থাৰ লগত সঙ্গতিপূৰ্ণ হব।
ৰয়টাৰত প্ৰকাশিত বাতৰি অনুসৰি, কোম্পানীটোৱে শেহতীয়াকৈ প্ৰৱৰ্তন কৰা জি এছ টি ২.০ সংস্কাৰৰ সকলো সুবিধা গ্ৰাহকক প্ৰদান কৰিব। জি এছ টি ২.০ৰ অধীনত অটোমোবাইল খণ্ডই কৰ হাৰ হ্ৰাস আৰু সৰলীকৃতৰ জৰিয়তে যথেষ্ট সকাহ লাভ কৰিছে, যাৰ লক্ষ্য হৈছে বিক্ৰীৰ মন্থৰতাৰ মাজত উদ্যোগটোৰ পুনৰুদ্ধাৰ বৃদ্ধি কৰা। জি এছ টি পৰিষদে জটিল ব্যৱস্থাটোক দুটা স্লেবত একত্ৰিত কৰিছে — ৫% আৰু ১৮% — লগতে বাহনৰ ওপৰত অতিৰিক্ত চেছ (cess) আঁতৰাইছে।
ইফালে, ১২০০ চিচি (পেট্ৰল, এলপিজি, আৰু চিএনজিৰ বাবে) আৰু ডিজেলৰ বাবে ১৫০০ চিচি পৰ্যন্ত ইঞ্জিন ক্ষমতা থকা সৰু গাড়ীৰ বাবে জিএছটি পূৰ্বৰ ২৮% প্লাছ চেছৰ পৰা ১৮% লৈ কৰ্তন কৰা হৈছে, যাৰ ফলত এণ্ট্ৰি লেভেল মডেলৰ খৰচ প্ৰত্যক্ষভাৱে হ্ৰাস পাইছে। চেছ আঁতৰোৱাৰ ফলত সামগ্ৰিক কৰ বোজা হ্ৰাস পোৱাই নহয়, এতিয়া মূল্য নিৰ্ধাৰণৰ গাঁথনিও সৰল হৈ পৰিছে। যাৰ ফলত কৰ ব্যৱস্থা অধিক স্বচ্ছ হৈ পৰিছে।
আনহাতে, উদ্যোগ বিশেষজ্ঞসকলৰ মতে, কম মূল্য আৰু সৰলীকৃত কৰৰ সুবিধাই বাহন বিক্ৰীৰ বাবে এক শক্তিশালী অনুঘটক হিচাপে কাম কৰিব পাৰে। লগতে অৰ্ধ-নগৰীয়া আৰু গ্ৰাম্য বজাৰত এনবিএফচি আৰু বেংকৰ জৰিয়তে ঋণ-চালিত ক্ৰয়কো বৃদ্ধি কৰিব পাৰে বুলি অনুমান কৰা হৈছে।