/asomiyapratidin/media/media_files/2025/02/07/EjePO9jrVKxnXFh7n5uC.png)
ডিজিটেল ডেস্কঃ বাংলাদেশৰ স্বাধীনতাৰ নায়ক তথা স্বাধীন দেশ হিচাপে বাংলাদেশক অস্তিত্বলৈ অনা বংগবন্ধু শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰ বুলডজাৰেৰে ভাঙি পেলোৱা হৈছে। ইমানতে শান্ত নাথাকি অগ্নি সংযোগ কৰা হৈছে ঘৰটোত। ইফালে ইমানৰ পাছতো ইয়াক ৰোধ কৰিবলৈ ঢাকাৰ মহম্মদ ইউনুছ চৰকাৰে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে।
বাংলাদেশত সংঘটিত হোৱা এই অমানৱীয় ঘটনাক লৈ অন্তৱৰ্তীকালীন চৰকাৰৰ কোনো নেতাই গৰিহণা দিয়া নাই। কিন্তু এই ক্ষেত্ৰত মাত মাতিছে বিখ্যাত বাংলাদেশী লেখিকা তছলিমা নাছৰিনে। শ্বেখ মুজিবুৰৰ ঘৰ ভাঙি পেলোৱাটো ইছলামিক সন্ত্ৰাসবাদীৰ কাম বুলি অভিহিত কৰিছে নাছৰিনে।
সামাজিক মাধ্যম এক্সত এটা পোষ্ট শ্বেয়াৰ কৰি তাছলিমাই কয় যে, ‘আজি স্বাধীন বাংলাদেশৰ সৃষ্টিকৰ্তাৰ শেষ নিচানো জ্বলি ছাই হৈ গৈছে। কান্দ বাংলাদেশ কান্দ।' আন এটা পোষ্টত তছলিমাই লিখিছে, যদি হাছিনাৰ প্ৰতি ক্ষোভ আছে তেন্তে ইছলামিক সন্ত্ৰাসবাদীয়ে কিয় শ্বেখ মুজিবুৰৰ সংগ্ৰহালয়ত আক্ৰমণ কৰি জ্বলাইছে? হাছিনাক দেশৰ পৰা বহিষ্কাৰ কৰাটোৱে যথেষ্ট নাছিল নেকি?
"যিসকলে ১৯৭১ চনত ইছলামিক ৰাষ্ট্ৰ বিচাৰিছিল, যিসকল পাকিস্তানৰ দৰে উগ্ৰপন্থী ৰাষ্ট্ৰৰ সৈতে একত্ৰিত হ'ব বিচাৰিছিল, তেওঁলোকে আৰু তেওঁলোকৰ বংশধৰসকলেই আজি বংগবন্ধুৰ ঘৰ জ্বলাইছে। ঘৰ জ্বলোৱাসকলে মনত ৰখা উচিত যে ইতিহাসে নিশ্চিতভাৱে প্ৰতিশোধ লয়" বুলি সামাজিক মাধ্যমত ক্ষোভ উজাৰে লেখিকা তছলিমা নাছৰিনে।
উল্লেখযোগ্য যে, ১৯৯৩ চনত তেওঁৰ বিখ্যাত উপন্যাস ‘লাজ্জা’ প্ৰকাশ পোৱাৰ পিছত বাংলাদেশৰ পৰা বহিষ্কাৰ কৰা হৈছিল লেখিকা তছলিমা নাছৰিনক।