আজি দেশভক্ত তৰুণৰাম ফুকনৰ জন্মদিন…

আজি দেশভক্ত তৰুণৰাম ফুকনৰ জন্মদিন…

author-image
asomiyapratidin
New Update
আজি দেশভক্ত তৰুণৰাম ফুকনৰ জন্মদিন…

ডিজিটেল ডেস্কঃ আজি দেশভক্ত তৰুণৰাম ফুকনৰ জন্মদিন। ১৮৭৭চনৰ ২২জানুৱাৰীত গুৱাহাটীৰ ভৰলুমুখত জন্ম হৈছিল তৰুণৰাম ফুকনৰ। তেওঁৰ পিতৃৰ নাম আছিল বলৰাম ফুকন আৰু মাতৃৰ নাম ভাগীৰথী। লণ্ডনৰ পৰা উভতি আহি কলকাতাত ওকালতি কৰা তৰুণৰাম ফুকনে গুৱাহাটীতো অধিবক্তা হিচাপে যথেষ্ট সুনাম কৰিছিল।

১৯১৪চনত ভাৰতৰ স্বাধীনতা আন্দোলনত জপিয়াই পৰা তৰুণৰাম ফুকনে তেতিয়াই ইংৰাজৰ ওচৰত অসমৰ স্বায়ত্ত শাসনৰ দাবী তুলিছিল। ১৯২৬চনত অসমত হোৱা ভাৰতীয় জাতীয় কংগ্ৰেছৰ মহাসভা সফল কৰাত তেওঁৰ আছিল যথেষ্ট বৰঙণি।

১৯২৭চনত অসম সাহিত্য সভাৰ সভাপতি আসনতো অধিষ্ঠিত হৈছিল ফুকন। অসমৰ ৰাজনীতি, সমাজ জীৱনত তৰুণৰাম ফুকনৰ আছে বিশেষ ভূমিকা। এইগৰাকী গুণী অসমীয়া মৃত্যু হৈছিল ১৯৩৯চনৰ ২৮জুলাইত। চিকাৰী হিচাপেও তৰুণৰাম ফুকনৰ নাম আছিল। দেশৰ প্ৰতি থকা তেওঁৰ দায়িত্ববোধৰ বাবে আৰু দেশপ্ৰেমৰ কাৰনে দেশভক্ত উপাধি প্ৰদান কৰা হৈছিল তৰুণৰাম ফুকনক।