/asomiyapratidin/media/media_files/2025/10/07/trrss-2025-10-07-10-42-54.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ তদন্ত চলি আছে। কিন্তু অতি লক্ষ্যণীয়ভাৱে এই তদন্ত প্ৰক্ৰিয়াৰ পৰা বাহিৰত আছে জুবিন গাৰ্গৰ সমগ্ৰ অৰ্থনৈতিক লেনদেনৰ মূল মানুহ টাৰ্চেম মিট্টাল। জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ আছিল এই টাৰ্চেম। পিছত মুম্বাইলৈ গুছি যোৱাৰ পাছত সিদ্ধাৰ্থক জুবিনৰ মেনেজাৰ হিচাপে নিযুক্তি দিছিল এই টাৰ্চেমেই।
জুবিনৰ সকলো অৰ্থনৈতিক লেনদেনৰ লগতে জুবিন গাৰ্গৰ মিউজিক এল এল পিৰো অংশীদাৰ আছিল এই টাৰ্চেম আৰু সিদ্ধাৰ্থ। যিসময়ত সিদ্ধাৰ্থ শৰ্মাক লৈ জুবিন অনুৰাগীসকলৰ অতি উগ্ৰ ৰূপ ধাৰণ কৰি আছিল, তেনে সময়তে দিল্লীৰ পৰা জুবিনৰ নশ্বৰ দেহৰ সৈতে একেলগে অসমলৈ আহিছিল টাৰ্চেম।
অসমলৈ আহি সৰুসজাইৰ জুবিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে সোণাপুৰৰ শেষকৃত্য অনুষ্ঠানতো অংশ লৈছিল টাৰ্চেমে। সৰুসজাইত জুবিনৰ নশ্বৰদেহৰ কাষত লক্ষ লক্ষ জনে চকুলো টুকি থকাৰ সময়ত এই টাৰ্চেম মিট্টালে হাঁহি হাঁহি কথোপকথন কৰি থকাৰ এটা ভিডিঅ শেহতীয়াকৈ ভাইৰেল হৈছে সামাজিক মাধ্যমত।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/07/fa9d011d-0e0a-4613-bcf0-e16a768a7afb-2025-10-07-10-58-14.jpg)
সৰুসজাইৰ জুবিনৰ নশ্বৰ দেহৰ কাষত বহি এনেদৰে হাঁহি-খিকিন্দালি কৰি থকাৰ ভিডিঅ প্ৰত্যক্ষ কৰাৰ পাছত পুনৰ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যত। জুবিনৰ মৃতদেহৰ কাষত বহি কিয় টাৰ্চেমে এনে অট্টহাস্য কৰিছে তাক লৈও ৰাইজৰ মাজত সৃষ্টি হৈছে ৰহস্যৰ।
উল্লেখ কৰা প্ৰয়োজন যে, অসমত প্ৰায় ৪দিন কটাই পুুনৰ মুম্বাইলৈ গুছি গৈছে টাৰ্চেম। যিসময়ত জুবিনৰ অৰ্থনৈতিক লেনদেনক লৈ জুবিনৰ ঘৰত কাম কৰা মানুহৰ পৰা আদি কৰি দেহৰক্ষীৰ লৈকে চি আই ডিয়ে সোধপোচ কৰিছে, তেনে সময়ত টাৰ্চেম কেনেদৰে এই আওতাঁৰ পৰা বাহিৰত আছে, তাক লৈও প্ৰশ্ন উত্থাপন কৰিছে নেটিজেনে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/07/9ee3b987-193c-4aa4-913a-24bc2c201177-2025-10-07-10-58-29.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us