চি আই ডি কাৰ্যালয়ত উপস্থিত জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰচেম মিট্টাল

অৱশেষত শুকুৰবাৰে পুৱা চি আই ডি কাৰ্যালয়ত উপস্থিত হ’ল জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰচেম মিট্টাল। জুবিন গাৰ্গৰ বিয়োগৰ ঘটনাৰ পাছতে এছ আই টিয়ে নিৰ্দিষ্ট কেইবাগৰাকী লোকক জুবিন গাৰ্গৰ ঘটনা সম্পৰ্কত ভাষ্য দিবলৈ তলব কৰি আহিছে। 

author-image
Asomiya Pratidin
New Update
151

ডিজিটেল ডেস্ক : অৱশেষত শুকুৰবাৰে পুৱা চি আই ডি কাৰ্যালয়ত উপস্থিত হ’ল জুবিন গাৰ্গৰ পূৰ্বৰ মেনেজাৰ টাৰচেম মিট্টাল। জুবিন গাৰ্গৰ বিয়োগৰ ঘটনাৰ পাছতে এছ আই টিয়ে নিৰ্দিষ্ট কেইবাগৰাকী লোকক জুবিন গাৰ্গৰ ঘটনা সম্পৰ্কত ভাষ্য দিবলৈ তলব কৰি আহিছে। 

তেনে সময়তে আজি জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰায় ৫০ দিন পাছত চি আই ডি কাৰ্যালয়লৈ তলব কৰিছে টাৰচেম মিট্টালক। সেয়ে ৭ নৱেম্বৰ ২০২৫ৰ পুৱা চি আই ডি কাৰ্যালয়ত উপস্থিত হৈ প্ৰাক্তন মেনেজাৰ মিট্টালে এছ আই টিৰ আগত ভাষ্য প্ৰদান কৰি থকাৰ কথা জানিব পৰা গৈছে। 

উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ বিত্তীয় খেলিমেলি সম্পৰ্কৰ কথা ৰাজহুৱা হোৱাৰ পাছতে টাৰচেম মিট্টালক তলব কৰা হৈছিল। এই টাৰচেম মিট্টালে এক দীৰ্ঘ সময় ধৰি জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। কিন্তু টাৰচেমে জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে দায়িত্বৰ পৰা অৱ্যাহতি লোৱাৰ পাছত জুবিন গাৰ্গৰ মেনেজাৰ হিচাপে দায়িত্ব লৈছিল সিদ্ধাৰ্থ শৰ্মাই। 

লক্ষ্যণীয় কথা যে, টাৰচেম মিট্টালৰ যোগেদিয়ে জুবিন গাৰ্গৰ মেনেজাৰ হোৱাৰ সুবিধা লাভ কৰিছিল সিদ্ধাৰ্থ শৰ্মাই। জুবিন গাৰ্গৰ বিয়োগৰ ঘটনাৰে নাম সাঙোৰ খাই সম্প্ৰতি ন্যায়িক জিম্মাত থকা সিদ্ধাৰ্থ শৰ্মাৰ টাৰচেম মিট্টালৰে আছে সু-সম্পৰ্ক।

জুবিন গাৰ্গ