/asomiyapratidin/media/media_files/2025/12/02/new-ap-web-4-6-2025-12-02-14-45-14.jpg)
ডিজিটেল ডেস্ক : ২০২৬ৰ অসম বিধানসভা নিৰ্বাচনক লৈ কুচকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছে। নতুন দিল্লীত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে তেওঁৰ বাসগৃহত অসম প্ৰদেশ কংগ্ৰেছ নেতৃত্বৰ এখন বিশেষ বৈঠক আহ্বান কৰিছে।
মঙলবাৰৰ আবেলি খাৰ্গেৰ বাসগৃহত এই বৈঠক অনুষ্ঠিত হ’ব। বৈঠকত উপস্থিত থাকিব অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি তথা নাজিৰা সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক দেৱব্ৰত শইকীয়া, প্ৰাক্তন সভাপতি ভূপেন বৰা। মূলতঃ আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ ৰণকৌশল প্ৰস্তুতিৰ সন্দৰ্ভত এই বৈঠকত আলোচনা হ’ব।
কংগ্ৰেছৰ দুই সাংসদ ক্ৰমে- প্ৰদ্যুত বৰদলৈ আৰু ৰকিবুল হুছেইনো উপস্থিত থাকিব এই বৈঠকত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us