লক্ষ্য ২০২৬ৰ অসম বিধানসভা নিৰ্বাচন : সামাজিক মাধ্যমত বহিঃ ৰাজ্যৰ পৰা চলিছে কংগ্ৰেছৰ সমৰ্থন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপটত ডিজিটেল যুঁজ তীব্ৰতৰ হৈ পৰিছে। বিজেপি, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ দৰে দলসমূহৰ আই টি চেলবোৰে (IT cells) নিজৰ অনলাইন প্ৰচাৰ শক্তিশালী কৰি তুলিছে। 

author-image
Asomiya Pratidin
New Update
web cong

ডিজিটেল ডেস্ক : ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যৰ ৰাজনৈতিক দৃশ্যপটত ডিজিটেল যুঁজ তীব্ৰতৰ হৈ পৰিছে। বিজেপি, কংগ্ৰেছ আৰু ৰাইজৰ দলৰ দৰে দলসমূহৰ আই টি চেলবোৰে (IT cells) নিজৰ অনলাইন প্ৰচাৰ শক্তিশালী কৰি তুলিছে। 

WhatsApp Image 2025-12-24 at 12.29.30 PM

ইয়াৰ মাজতে অসম প্ৰদেশ কংগ্ৰেছ কমিটি চমুকৈ (APCC)ৰ ডিজিটেল কৌশলক লৈ এক উদ্বেগজনক প্ৰৱণতা পোহৰলৈ আহিছে। প্ৰদেশ কংগ্ৰেছৰ সমৰ্থনত মধ্যপ্ৰদেশৰ নিৰ্বাচনৰ বাবে পূৰ্বতে সৃষ্টি কৰা ছ’চিয়েল মিডিয়া একাউণ্টসমূহ এতিয়া অসমত ব্যৱহাৰ কৰা হৈছে বুলি এক সূত্ৰই দাবী কৰিছে।

আমদানিকৃত ভাষ্য :

অতি শেহতীয়া পৰ্যবেক্ষণত ফেচবুক পেজ আৰু এক্সৰ প্ৰফাইলৰ এনে এটা শক্তি পোহৰলৈ আহিছে যিয়ে অসমত কংগ্ৰেছৰ সপক্ষে প্ৰচাৰ চলাবলৈ হঠাতে সক্ৰিয় হৈ পৰিছে। উল্লেখ্য যে, এই পেজসমূহে কেৱল মাত্ৰ প্ৰদেশ কংগ্ৰেছৰ সমৰ্থনতে নহয়; বৰং অসমৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰিব পৰা পোষ্ট দিয়াও পৰিলক্ষিত হৈছে। ইয়াৰ সৈতে অনুসন্ধানৰ পাছত দেখা গৈছে যে 'Assam Unity' আৰু 'Angry Assam' ৰ দৰে অধিক ফলোৱাৰ্ছ থকা পেজসমূহ একেজন এডমিনে পৰিচালনা কৰি আছে।

WhatsApp Image 2025-12-24 at 12.29.31 PM (1)

কিন্তু এই পেজসমূহৰ 'Page Transparency' আৰু ইতিহাস নিৰীক্ষণ কৰিলে এক আচৰিত তথ্য ওলাই পৰে। 'Angry Assam' নামৰ যিটো পেজত এতিয়া অসমীয়া ভাষাত  কণ্টেণ্ট আপলোড কৰা হৈ আছে। সেই পেজটো মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনৰ সময়ত সক্ৰিয়ভাৱে ব্যৱহাৰ কৰা হৈছিল। বৰ্তমান মধ্যপ্ৰদেশ কংগ্ৰেছৰ ডিজিটেল কণ্টেণ্টসমূহ সলনি কৰি এতিয়া নতুনকৈ অসমৰ জনতাক লক্ষ্য কৰি ব্যৱহাৰ কৰা দেখা গৈছে।

মাইক্ৰ’-বিজ্ঞাপনৰ পয়োভৰ :

এই কৌশল কেৱল কন্টেন্ট শ্বেয়াৰ কৰাতে সীমাবদ্ধ নহয়। এই পেজসমূহে মানুহৰ মাজত কৃত্ৰিমভাৱে প্ৰসাৰ বৃদ্ধি কৰিবলৈ "মাইক্ৰ’-বিজ্ঞাপন" (micro-ads) আৰু পেইড বুষ্টিঙৰ আশ্ৰয় লোৱা বুলি নিশ্চিত খবৰ পোৱা গৈছে। ইয়াৰ উপৰিও, এক্স প্লেটফৰ্মত অসম কংগ্ৰেছৰ পোষ্টবোৰত হঠাতে বৃদ্ধি পোৱা লাইক আৰু কমেণ্টসমূহৰ উৎস মধ্যপ্ৰদেশৰ ব্যৱহাৰকাৰী বুলি চিনাক্ত কৰা হৈছে। এই অস্বাভাৱিকতাক আঙুলিয়াই দিয়া লোকসকলে লক্ষ্য কৰিছে যে, সন্দেহৰ আৱৰ্তত অহা বহু ফলোৱাৰ্ছে তেওঁলোকৰ সামাজিক মাধ্যমত নাম আৰু স্থানৰ বিৱৰণ সলনি কৰি দিছে। এই সমূহ ক্ষুদ্ৰ ক্ষুদ্ৰ উৎসৰ পৰা অনুমান কৰিব পাৰি যে তেওঁলোকৰ প্ৰকৃত পৰিচয় লুকুৱাবলৈ এক পৰিকল্পিত চেষ্টা চলোৱা পৰিলক্ষিত হৈছে।

WhatsApp Image 2025-12-24 at 12.29.31 PM

নিৰাপত্তা সম্পৰ্কীয় প্ৰত্যাহ্বান :

চাইবাৰ ছিকিউৰিটিৰ সৈতে জড়িত লোকসকলে বহিঃৰাজ্যৰ পৰা পৰিচালিত এনে কাৰ্যকলাপক লৈ গভীৰ চিন্তা প্ৰকাশ কৰাৰ লগতে উল্লেখ কৰিছে যে, স্থানীয় জনমতক প্ৰভাৱিত কৰিবলৈ বহিঃৰাজ্যৰ ডিজিটেল মাধ্যম ব্যৱহাৰ কৰাটো ভৱিষ্যতলৈ এক ডাঙৰ বিপদ হৈ দেখা দিব পাৰে।

WhatsApp Image 2025-12-24 at 12.29.31 PM (2)

তেওঁলোকে উল্লেখ কৰা অনুসৰি, যদি ৰাজ্যৰ বাহিৰৰ পৰা পৰিচালিত এই পেজসমূহে ভুল তথ্য প্ৰচাৰ কৰে বা সাম্প্ৰদায়িক বিভেদৰ সৃষ্টি কৰে, তেন্তে অপৰাধীক বিচাৰি উলিওৱা আৰু এই বিপদ ৰোধ কৰাৰ ক্ষেত্ৰত অসম আৰক্ষীয়ে আইনী সীমাবদ্ধতাৰ সন্মুখীন হ'ব। মধ্যপ্ৰদেশৰ পৰা পৰিচালিত হোৱাৰ বাবে এই ফলোৱাৰ্ছসকলে এক সুৰক্ষিত আশ্ৰয় লাভ কৰে, যাৰ ফলত তেওঁলোকে অসমত তৎক্ষণাত আইনী ব্যৱস্থাৰ মুখামুখি নোহোৱাকৈ অশান্তি সৃষ্টি কৰাৰ সুযোগ পায়।

সামাজিক মাধ্যম