অসম সাহিত্য সভাৰ উদ্যোগত তৰেণ বড়োৰ স্মৃতিচাৰণ সভা

এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, লেখক তথা গৱেষক তৰেণ বড়োৰ স্মৃতিচাৰণ কৰা হয়। শনিবাৰে অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটি সভাৰ গুৱাহাটী কাৰ্যালয়ৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।

author-image
Asomiya Pratidin
New Update
new ap web 2.jpg (8)

ডিজিটেল ডেস্ক : এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, লেখক তথা গৱেষক তৰেণ বড়োৰ স্মৃতিচাৰণ কৰা হয়। শনিবাৰে অসম সাহিত্য সভাৰ উদ্যোগত আয়োজিত অনুষ্ঠানটি সভাৰ গুৱাহাটী কাৰ্যালয়ৰ নেহা আগৰৱালা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয়।

WhatsApp Image 2026-03-07 at 7.33.29 PM (1)

আজিৰ এই অনুষ্ঠানটিত বন্তি প্ৰজ্জ্বলন কৰে অসম সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে। তেওঁৰ লগত সহযোগ কৰে প্ৰয়াত তৰেণ বড়োৰ পত্নী বিনয়া বড়ো, বোৱাৰী আয়ুসী বড়োৰ লগতে উপস্থিত আন বিশিষ্ট ব্যক্তিসকলে। 

WhatsApp Image 2026-03-07 at 7.33.29 PM

আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত তৰেণ বড়োৰ সাহিত্য কৃতিৰ লগতে তেখেত আগবঢ়াই যোৱা অৱদানৰ কথা সুঁৱৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে স্মৃতিচাৰণ কৰে। আজিৰ এই অনুষ্ঠানটি অতি আন্তৰিকতা আৰু শ্ৰদ্ধাৰে আয়োজন কৰা বুলি উল্লেখ কৰে সভাৰ প্ৰধান সম্পাদক দেৱজিত বৰাই। 

WhatsApp Image 2026-03-07 at 7.33.27 PM

তেওঁ কয়- এজন সুযোগ্য অসমীয়াৰ সাহিত্য সভাই এই স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত ৰাজ্যৰ বৌদ্ধিক আৰু সাহিত্য জগতৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ জনাই তৰেণ বড়োৰ স্মৃতিচাৰণ কৰাৰ কথাও দোহাৰে বৰাই।

WhatsApp Image 2026-03-07 at 7.33.28 PM

উল্লেখ কৰা প্ৰয়োজন যে, স্মৃতিচাৰণ সভাত প্ৰয়াত তৰেণ বড়োৰ পত্নী, বোৱাৰ তথা পৰিয়ালৰ আন সদস্যৰ লগতে ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ ভিতৰত অন্যতম হৈছে- দেউৰী সাহিত্য সভাৰ সভাপতি ড০ ষড়ানন দেউৰী, সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক দিগন্ত বিশ্ব শৰ্মা, অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধানসম্পাদক যাদৱ চন্দ্ৰ শৰ্মা।

সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্বামীয়ে পৌৰহিত্য কৰা স্মৃতিচাৰণ অনুষ্ঠানৰ আৰম্ভণিতে স্থানীয় এটি আয়তীৰ নামদলে নাম পৰিৱেশন কৰি অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

অসম সাহিত্য সভা