/asomiyapratidin/media/media_files/2026/02/14/2-2026-02-14-19-50-32.jpg)
ডিজিটেল ডেস্কঃ হঠাৎ অসমবাসীৰ বাবে আহিল এক দুঃখবৰ। বিশিষ্ট সাহিত্যিক তৰেণ বড়োই মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। শনিবাৰে দিনৰ ২.৫৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। মৃত্যুৰ সময়ত বিশিষ্ট সাহিত্যিকগৰাকীৰ বয়স আছিল ৭০ বছৰ। উল্লেখ্য যে, শনিবাৰে হঠাতে তেওঁ অসুস্থ হৈ পৰাৰ পাছত তেওঁক দিনৰ ২ বজাত ভৰ্তি কৰা হৈছিল উইন্ট্ৰ'ৱ হাস্পতালত। কিন্তু বিয়লি ২ বাজিত ৫৪ মিনিটত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, তেওঁ আক্ৰান্ত হৈ আছিল ক্ৰণিক, নিউমনিয়া ৰোগত।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-imag-2026-02-14-19-54-43.jpeg)
তৰেণ বড়োৰ মৃত্যুৰ পাছতে হাস্পতাল চৌহদত বৌদ্ধিক, সাহিত্য জগতৰ বহু কেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে আত্মীয় লোকসকলে প্ৰাৰম্ভিকভাৱে তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু তেখেতৰ আত্মাৰ চিৰশান্তিৰ বাবে এক মিনিট মৌন ব্ৰত অৱলম্বন কৰে। তাৰপাছত তেওঁৰ নশ্বৰ দেহ লৈ যোৱা হয় খাৰঘূলিৰ ওপৰ লুইতপুৰস্থিত বাসগৃহলৈ।
উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমিৰ বড়ো ভাষাৰ উপদেষ্টা পৰিষদৰ আহ্বায়ক বিশিষ্ট সাহিত্যিক-সংগঠক-লেখক-গৱেষক তৰেণ বড়োৰ মৃত্যুত অসম নাট্য সন্মিলনে গভীৰ শোক প্ৰকাশ কৰে। সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত জাতিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে তেওঁক নিৰ্বাচিত কৰা হৈছে ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ বাবে। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা স্বনামধন্য বিশিষ্ট লেখক সাহিত্যিক তৰেণ বড়োই নাটক, চুটি গল্প, উপন্যাস, কবিতাকে আদি কৰি বৰ্তমানলৈকে ১৪ খনতকৈও অধিক গ্ৰন্থ ৰচনা কৰিছে । তেখেতে গুৱাহাটীৰ ৰিজাৰ্ভ বেংকৰ চাকৰিয়াল হিচাবে অৱসৰ গ্ৰহণ কৰাৰ পাছত তেওঁ বড়ো সাহিত্য সভাৰ মুখপত্ৰ 'The Bodo' ৰ সম্পাদক, যুটীয়া সম্পাদক, কোষাধক্ষ,উপ-সভাপতি পদতো অধিষ্ঠিত হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/whatsapp-image-20-2026-02-14-19-55-14.jpeg)
ইপিনে ২০০৫ চনত সদৌ ভাৰতীয় ৰিজাৰ্ভ বেংক কৰ্মচাৰী সন্থাৰ গুৱাহাটী শাখাৰ সম্পাদক, ২০১৩ চনত বোলছবিৰ এডভাইজৰী ব'ৰ্ডৰ সদস্য, ২০১৫ চনত কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি, নাগৰিক কমিটীৰ সদস্য, ২০২৩ চনত নতুন দিল্লীৰ সাহিত্য অকাডেমিৰ বড়ো এডভাইজৰী ব'ৰ্ডৰ আহ্বায়ক হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰি আছিল । ১৯৭৮ চনৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতোকোত্তৰ ডিগ্ৰীধাৰী তৰেণ বড়োতক তেখেতৰ সাহিত্য সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অবদানৰ বাবে বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে বহুকেইটা বঁটা বিভূষণেৰে সন্মান প্ৰদান কৰিছিল।
সেইবোৰৰ ভিতৰত ক্ৰমে জননেতা ভীমবৰ দেউৰী একতা বঁটা, মহম্মদ ইব্ৰাহিম আলী সাহিত্য বঁটা, অসম খেল আৰু সাংস্কৃতিক বঁটা,আহমদ আলী বাসখণ্ড সাহিত্য বঁটা, শ্ৰেষ্ঠ সমাজকৰ্মী বঁটা আদিৰ পাছত অহা ২ অক্টোবৰত নতুন দিল্লীত গান্ধী জয়ন্তীৰ দিনা সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত জাতিৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে নিৰ্বাচিত কৰি তেওঁক নতুন দিল্লীৰ প্ৰগতি ময়দানত ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰাৰ কথা আছিল। তেখেতৰ বিয়োগত বিশেষকৈ অসমৰ সাহিত্যক্ষেত্ৰ খনৰ বাবে এক অপূৰণীয় ক্ষতি। তৰেণ বড়োৰ অসমৰ সাহিত্য জগতত বৃহৎ অৱদানৰ উপৰি ৰাজ্যৰ বিভিন্ন জনগোষ্ঠীয় লোকসকলৰ মাজত সমন্বয়ৰ সেতু গঢ়িবলৈ কৰি যোৱা প্ৰয়াসৰ বাবে অসমবাসী চিৰকৃতজ্ঞ হৈ থাকিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us