/asomiyapratidin/media/media_files/2026/02/14/2-2026-02-14-19-21-31.jpg)
ডিজিটেল ডেস্কঃ বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক-কবি তৰেণ বড়োৰ দেহাৱসান। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আৰু সাহিত্য অকাডেমিৰ বড়ো ভাষাৰ উপদেষ্টা সমিতিৰ আহ্বায়ক তৰেণ বড়োৰ বিয়োগৰ খবৰ শুনি ৰাজ্যবাসী মর্মাহত হৈ পৰিছে। মহানগৰীৰ উইন্ট্র'ব হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট সাহিত্যিক-কবি তৰেণ বড়োৱে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/14/wha-2026-02-14-19-20-59.jpeg)
উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা সাহিত্য অকাডেমিৰ বড়ো ভাষাৰ উপদেষ্টা পৰিষদৰ আহ্বায়ক বিশিষ্ট সাহিত্যিক-সংগঠক-লেখক-গৱেষক তৰেণ বড়োৰ মৃত্যুত অসম সাহিত্য সভাই গভীৰ শোক প্রকাশ কৰিছে। অসম সাহিত্য সভাৰ সভাপতি ড° বসন্তকুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্রধানসম্পাদক দেৱজিৎ বৰাই তৰেণ বড়োৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰি এক শোক বার্তাত কয় যে- 'বড়োৰ মৃত্যু অসমৰ সাহিত্য, সংস্কৃতি আৰু সমাজ জীৱনৰ বাবে বিস্তৰ ক্ষতি। বিগত বছৰসমূহত তেখেতে কর্মৰ যোগেদি কেৱল বড়ো সাহিত্য সভাকেই নহয়, সমগ্র অসমীয়া জাতি সত্ত্বাটোকেই শক্তিশালী কৰি ৰাখিছিল।' কাকতলৈ প্রেৰণ কৰা শোক বার্তাটোত সভাৰ সভাপতি, উপসভাপতি আৰু প্রধানসম্পাদকে বড়োৰ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
কাইলৈ অৰ্থাৎ ১৫ ফেব্ৰুৱাৰীত দিনটোৰ বাবে অসম সাহিত্য সভাৰ যোৰহাটৰ কেন্দ্ৰীয় কাৰ্যালয়কে ধৰি আটাইকেইটা আঞ্চলিক কাৰ্যালয়, জিলা সভাসমূহৰ কাৰ্যালয়সমূহত পতাকা অৰ্ধনমিত কৰি বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তৰেণ বড়োৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us