তৰেণ বড়োৰ মৃত্যুত শোক প্ৰকাশ অসম প্ৰকাশন পৰিষদৰ...

বিশিষ্ট সাহিত্যিক তৰেণ বড়ো আৰু নাই। মহানগৰীৰ উইন্ট্ৰ'ৱ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে।

author-image
Asomiya Pratidin
New Update
2

ডিজিটেল ডেস্কঃ বিশিষ্ট সাহিত্যিক-কবি তৰেণ বড়ো আৰু নাই। মহানগৰীৰ উইন্ট্ৰ'ৱ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীয়ে। শনিবাৰে দিনৰ ২.৫৬ বজাত শেষ নিশ্বাস ত্যাগ কৰে বড়োৱে। সাহিত্য একাডেমীৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল তৰেণ বড়ো। লগতে বড়ো সাহিত্য সভাৰ দুবাৰকৈ সভাপতি আছিল তেওঁ। বড়ো ভাষাৰ লগতে অসমীয়া ভাষাতো সাহিত্য চৰ্চা কৰিছিল বড়োৱে। 

WhatsApp Image 2026-02-14 at 3.53.21 PM

উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট লেখক-গৱেষক, বিশিষ্ট অভিনেতা, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া তৰেণ বড়োৰ দেহাৱসানত অসম প্ৰকাশন পৰিষদে গভীৰ শোক প্ৰকাশ কৰিছে ৷ এক শোকবাৰ্তাত অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই তৰেণ বড়োদেৱৰ বিয়োগ জাতীয় জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি অভিহিত কৰিছে।  ইপিনে সচিব কলিতাই বড়োদেৱৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে ৷

তৰেণ বড়ো