/asomiyapratidin/media/media_files/2026/01/15/new-ap-web-5-16-2026-01-15-13-48-52.jpg)
ডিজিটেল সংবাদ, নগাঁও : বিশিষ্ট আলোকচিত্ৰ শিল্পী তপন দাসলৈ আগবঢ়োৱা হৈছে ২০২৬ বৰ্ষৰ 'অমূল্য মান্না আলোকচিত্ৰ বঁটা' । অসমৰ প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী অমূল্য মান্না স্মৃতিৰক্ষা সমিতিয়ে বৃহস্পতিবাৰে বঁটা প্ৰাপকৰ নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।
এই বঁটাত আছে নগদ বিশ হাজাৰ টকা, স্মাৰক , মানপত্ৰ আৰু অন্যান্য । উল্লেখ্য, ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে । বিগত বৰ্ষসমূহত এই বঁটা লাভ কৰিছে - প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা, সমীৰ চৌধুৰী, মহেন্দ্ৰ বৰুৱা, সুমন দুৱৰা আৰু উৎপল দত্তই ।
এইবাৰৰ অমূল্য মান্না আলোকচিত্ৰ বঁটা আগবঢ়োৱা তপন দাসে ১৯৮৭ চনত অসমীয়া বাতৰি কাকত 'নতুন দৈনিক'ত চিত্ৰ সাংবাদিক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল । তাৰোপৰি 'চিত্ৰ সংবাদ', অসমবাণী' ' শিল্পীৰ পৃথিৱী' আদি সংবাদপত্ৰ - আলোচনীত তেওঁৰ আলোকচিত্ৰ নিয়মীয়াকৈ প্ৰকাশ পাইছিল ।
তপন দাসে নতুন প্ৰজন্মক ফটোগ্ৰাফী শিক্ষা প্ৰদানৰ বাবে পি , ডি , টি , আই নামৰ এখন ফটোগ্ৰাফী শিক্ষানুষ্ঠান পৰিচালনা কৰি আছে । যশস্বী আলোকচিত্ৰ শিল্পী, চলচ্চিত্ৰ পৰিচালক অমূল্য মান্নাৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ উদেশ্যৰে অসমৰ কেইগৰাকীমান সংস্কৃতিবান ব্যক্তিৰ প্ৰচেষ্টাত ২০১৫ চনত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি গঠন কৰা হৈছিল ।
প্ৰতি বছৰেই শিল্পীগৰাকীৰ মৃত্যু দিৱসৰ দিনা ১৯ জানুৱাৰীত অসমৰ এগৰাকী অগ্ৰণী , প্ৰবীণ আলোকচিত্ৰ শিল্পীক এই বঁটা প্ৰদান কৰি অহা হৈছে । অহা ১৯ জানুৱাৰীত কলংপাৰৰ 'কল্লোল ভৱন' ত আয়োজিত এক অনুষ্ঠানত আলোকচিত্ৰ শিল্পী তপন দাসক - অমূল্য মান্না আলোকচিত্ৰ বঁটা প্ৰদান কৰা হ'ব ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us