/asomiyapratidin/media/media_files/2025/09/02/ujjjj-2025-09-02-09-54-45.jpg)
ডিজিটেল সংবাদ, শিৱসাগৰঃ এক বলিষ্ঠ প্ৰতিবাদী কণ্ঠৰ গৰাকী, ছাত্ৰ নেতা তপন চুতীয়া আৰু নাই ৷ সুদীৰ্ঘ ৩০বছৰে চুতীয়া ছাত্ৰ সন্থা নেতৃত্ব বহন কৰা তপন চুতীয়াই মঙলবাৰে পুৱতি নিশা শেষ নিশ্বাস ত্যাগ কৰে ৷ সদৌ অসম চুতীয়া ছাত্র সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক আৰু ৰূদ্ৰসাগৰস্থিত কাজিৰঙা আই টি আই অধ্যক্ষক ,সংগ্ৰামী যুৱক তপন চুতীয়াই আজি পুৱতি নিশা ৩ বজাত জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে
শিৱসাগৰ জিলাৰ বানমুখ চুতীয়া গাঁৱত জন্মগ্ৰহণ কৰিছিল তপন চুতীয়াই। সুদীৰ্ঘ ৩০বছৰ কাল শিৱসাগৰ আৰু অসম সমস্যাৰৰাজি সমাধানৰ বাবে সংগ্ৰাম কৰিছিল। ল তপন চুতীয়াৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগেই শিৱসাগৰত শোকৰ ছাঁ পৰে ৷ স্থানীয় জনসাধাৰণ আৰু অনুষ্ঠান প্ৰতিষ্ঠানে তেওঁৰ আত্মাৰ সদগতি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জনাইছে ।
চুতীয়া জনগোষ্ঠী আৰু অসমৰ উন্নয়নৰ হকে প্ৰতিবাদী কণ্ঠ হিচাপে পৰিচিত তপন চুতীয়া মৃত্যু চুতীয়া জনগোষ্ঠীৰ লগতে অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি বুলি জনসাধাৰণে মন্তব্য কৰিছে।