চামগুৰি সমষ্টিত তানজিল হুছেইনৰ প্ৰাৰ্থিত্বক লৈ কংগ্ৰেছত অসন্তুষ্টি

কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ নগাঁও জিলাৰ চামগুৰি সমষ্টিত দলটোৰ একাংশ কৰ্মীৰ মাজত অসন্তুষ্টি দেখা দিছে।

author-image
Asomiya Pratidin
New Update
dfd

ডিজিটেল সংবাদ, চামগুৰিঃ কংগ্ৰেছৰ প্ৰাৰ্থী তালিকাক লৈ নগাঁও জিলাৰ চামগুৰি সমষ্টিত দলটোৰ একাংশ কৰ্মীৰ মাজত অসন্তুষ্টি দেখা দিছে। কংগ্ৰেছৰ এই তালিকাত চামগুৰি সমষ্টিৰ পৰা তানজিল হুছেইনক প্ৰাৰ্থী হিচাপে ঘোষণা কৰাৰ পিছতেই একাংশ কংগ্ৰেছ কৰ্মীয়ে তীব্ৰ বিৰোধিতা প্ৰকাশ কৰিছে।

জানিব পৰা মতে, সমষ্টিটোৰ একাংশ উচ্চ শিক্ষিত ব্যক্তি আৰু দলীয় কৰ্মীয়ে প্ৰাৰ্থীত্বৰ বাবে আবেদন জনাইছিল যদিও তথাকথিত পৰিয়ালতান্ত্ৰিক সিদ্ধান্তৰ ফলত তানজিল হুছেইনকেই দলৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে দলটোলে। এই সিদ্ধান্তত স্থানীয় কৰ্মীসকল সন্তুষ্ট নহয় বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে, তানজিল হুছেইনৰ প্ৰাৰ্থীত্বৰ বিৰোধিতা পূৰ্বৰে পৰাই কিছুমান কংগ্ৰেছ কৰ্মীয়ে কৰি আহিছিল। 

ইফালে, সদ্য ঘোষণা কৰা ৪২ জনীয়া প্ৰাৰ্থী তালিকাৰ ভিতৰত ১৯ জন প্ৰাৰ্থী আগতে নিৰ্বাচনত পৰাজিত হৈছিল বুলিও কংগ্ৰেছ কৰ্মীসকলে উল্লেখ কৰিছে। এনে পৰিস্থিতিত আগন্তুক দিনত চামগুৰি সমষ্টিত তানজিল হুছেইনে তীব্ৰ ৰাজনৈতিক প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ সম্ভাৱনা থকা বুলি মত প্ৰকাশ কৰিছে কিছুমান দলীয় কৰ্মীয়ে। ইয়াৰ লগতে, এই সিদ্ধান্তক লৈ কংগ্ৰেছ নেতা গৌৰৱ গগৈৰ ভূমিকাকো একাংশ কৰ্মীয়ে প্ৰশ্নবিদ্ধ কৰিছে। 

চামগুৰি